গুৱাহাটী, ২ ডিচেম্বৰ : সদ্যপ্ৰয়াত তিনিগৰাকী সাংবাদিক ক্ৰমে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন অলংকৃত কৰা অৰুণলোচন দাস আৰু জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ সোঁৱৰণত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা । ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক তথা ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপ-সভাপতি গৌতম শৰ্মাই আঁত ধৰে অনুষ্ঠানটি ৷ অনুষ্ঠানটি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনৰ লগতে প্ৰয়াত তিনিগৰাকী সাংবাদিকৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনাৰে আৰম্ভ হয় ।
অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাই সাংস্কৃতিক সাংবাদিক দুগৰাকীক স্মৰণ কৰি তেওঁলোকৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অৰুণলোচন দাসৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্কৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে । তেওঁ কয় যে, প্ৰয়াত অৰুণলোচন দাসৰ সৃষ্টিৰাজি ভৱিষ্যৎ প্ৰজন্মৰ বাবে অমূল্য সম্পদ । জীৱিত কালত বেলেগক কলমেৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগোৱা এইগৰাকী সাংবাদিকৰ পৰলোকপ্ৰাপ্তি সমাজৰ বাবে ক্ষতিকাৰক বুলি যশস্বী পৰিচালগৰাকীয়ে মন্তব্য কৰে । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উপদেষ্টা উৎপল দত্তই প্ৰয়াত প্ৰফুল্ল কুমাৰ দত্তৰ জীৱন পৰিক্ৰমা তথা ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰে । এইগৰাকী সাংস্কৃতিক সাংবাদিকেৰে ঘটা বহু ঘটনা-পৰিঘটনা ৰসালভাৱে ব্যক্ত কৰে দত্তই । উল্লেখ্য যে, একেটা অনুষ্ঠানতে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা প্ৰয়াত অৰুণলোচন দাস আৰু প্ৰফুল্ল কুমাৰ দত্তৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা ‘সোঁৱৰণ'’ শীৰ্ষক এখনি স্মৰণিকা সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা হয় ।
সাংবাদিক মৃণাল কুমাৰ বৰা, মণ্টু শইকীয়া, হেমন্ত শৰ্মা আৰু পল্লভ দ্বীজেনে সম্পাদনা কৰি উলিওৱা আলোচনীখন উন্মোচন কৰে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ৰাজ্যিক তথ্য আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই । দুগৰাকী দ্বিগ্বজ সাংস্কৃতিক সাংবাদিকৰ জীৱন পৰিক্ৰমাক কম সময়ৰ ভিতৰত এনেকৈ আলোচনীৰ আকাৰত উলিয়াই তেওঁলোকৰ বাবে যি শ্ৰদ্ধা নিবেদন কৰিছে সেয়া প্ৰসংশনীয় বুলি উল্লেখ কৰি উন্মোচক ভাস্কৰজ্যোতি মহন্তই এই কামৰ শলাগ লয় । অনুষ্ঠানত ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ সভাপতি বিতোপন বৰবৰাই দুয়োগৰাকী সাংস্কৃতিক সাংবাদিকৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে সদ্যপ্ৰয়াত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক অনিল বৰুৱাৰ জীৱনাদৰ্শৰ বিষয়েও আলোকপাত কৰে ।
মঞ্চত উপস্থিত থকা অভিনেতা তথা পৰিচালক যতীন বৰাই অৰুণলোচন দাসৰ বিয়োগ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে ক্ষতিকাৰক বুলি দুখ প্ৰকাশ কৰি কয়, “আজিৰ তাৰিখত হয়তো যতীন বৰা এজন সফল অভিনেতা হিচাপে থিয় হোৱাৰ আঁৰৰ মানুহজন হ’ল প্ৰয়াত অৰুণলোচন দাস । মোৰ প্ৰথম ছবি ‘উত্তৰকাল’ৰ সময়ত অৰুণলোচন দাসৰ ঘৰৰ কাষতেই মই আছিলোঁ । মহানায়ক বিজু ফুকনৰ ঘৰলৈ এদিন লৈ গৈ প্ৰথম পৰিচয় কৰাই দিয়া আৰু ‘দেউতা’ ছিৰিয়েলত কাষ্টিং কৰি দিয়াত সহায় কৰা মানুহজনেই আছিল অৰুণলোচন দাস, যিটো মোৰ বাবে আছিল এটা টাৰ্ণিং পইণ্ট ।" অৰুণলোচন দাসৰ অনুপম সৃষ্টি লাইমলাইট ফিল্ম ডাইৰেক্টৰী পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থা, অসমক দায়িত্ব ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে যতীন বৰাই ইয়াত ব্যক্তিগতভাৱে সম্পূৰ্ণ সহযোগ কৰিব বুলিও আজিৰ অনুষ্ঠানতেই মন্তব্য কৰে ।