অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI ক স্মাৰকপত্ৰ দিলে প্ৰদেশ কংগ্ৰেছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ তোলি CBI তদন্ত দাবী কৰিলে প্ৰদেশ কংগ্ৰেছে । আজি CBI ৰ মুখ্য কাৰ্যালয়লৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই প্ৰদেশ কংগ্ৰেছৰ হৈ প্ৰদান কৰে স্মাৰক পত্ৰ (Memorandum submitted by APCC to CBI office against Assam CM)।

Memorandum submitted by APCC to CBI office against Assam CM
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI ক স্মাৰকপত্ৰ প্ৰদান প্ৰদেশ কংগ্ৰেছৰ

By

Published : Sep 6, 2022, 6:23 PM IST

গুৱাহাটী, ৬ ছেপ্টেম্বৰ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে CBI ত অভিযোগ দিলে প্ৰদেশ কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ তুলি তদন্তৰ দাবীত আজি নতুন দিল্লীত CBI ৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে (Memorandum submitted by APCC to CBI office against Assam CM)।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CBI ক স্মাৰকপত্ৰ প্ৰদান প্ৰদেশ কংগ্ৰেছৰ

প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে ভূমি কেলেংকাৰী সংঘটিত কৰাৰ উপৰি পি পি ই কীট কেলেংকাৰীকে ধৰি কেইবাটাও কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি CBI ৰ তদন্ত দাবী কৰে ৷ উল্লেখ্য যে, সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ তিনি শতাধিক নেতা-কৰ্মীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰিছিল ৷

লগতে প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, অসমৰ ২৫ লাখ পঞ্জীভুক্ত নিবনুৱাক তাৎক্ষণিকভাৱে সংস্থাপন দিয়া, অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন পেন্সন আঁচনি বাতিল কৰি পুৰণি আঁচনি বাহাল ৰখা আদি দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে ।

লগতে পঢ়ক :মাদ্ৰাছা সন্দৰ্ভত নতুন কৌশল যুগুত জমিয়ত উলেমাৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত সম্পন্ন হোৱা এই কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা জয়ৰাম ৰমেশ, অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং আদি ভালেসংখ্যক নেতাই অংশ গ্ৰহণ কৰিছিল । আজি CBI ৰ মুখ্য কাৰ্যালয়লৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই প্ৰদেশ কংগ্ৰেছৰ হৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

এই সন্দৰ্ভত তেওঁ কয় যে, CBI য়ে যদি বচা বচা মানুহৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে তেন্তে কিয় অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থকা বহু কেলেংকাৰীৰ ক্ষেত্ৰত তদন্ত কিয় নকৰিব । প্ৰদেশ কংগ্ৰেছে ন্যায় বিচাৰি আজি CBI ক স্মাৰক পত্ৰ প্ৰদান কৰে বুলি তেওঁ কয় ।

লগতে পঢ়ক :মাদ্ৰাছা উচ্ছেদ: সংখ্যালঘু আয়োগৰ কাষ চাপিল সাংসদ আব্দুল খালেক

ABOUT THE AUTHOR

...view details