গুৱাহাটী,৬ মে’: কংগ্ৰেছৰ উদ্যোগত ৰাজ্যত একত্ৰিত হোৱা ১১ টা বিৰোধী ৰাজনৈতিক দলৰ এটা প্ৰতিনিধি দলে শনিবাৰে জনতা ভৱনত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াক সাক্ষাৎ কৰে । দীৰ্ঘ সময় ধৰি অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰি দলটোৱে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত আৰু চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (National Register of Citizens) ঘোষণা অবিহনে কোনো কাৰণতে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া মানি লোৱা নহ'ব বুলি মুখ্য নির্বাচনী বিষয়াক স্পষ্ট কৰি দিয়ে (Memorandum of 11 opposition parties to state chief electoral officer) ।
ৰাজ্যৰ ১১ টা ৰাজনৈতিক দলৰ মুঠ ১৫ গৰাকী নেতাৰ প্ৰতিনিধি দলটোৱে এখন দীৰ্ঘ স্মাৰক পত্ৰ ৰাজ্যৰ তত্বৱধায়ক মুখ্য নির্বাচনী বিষয়া লক্ষ্মীনন্দন চহৰীয়াৰ হাতত অৰ্পণ কৰে । লগতে সমগ্ৰ বিষয়টোক লৈ অসমৰ ৰাইজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ শংকা আৰু সন্দেহ সম্পৰ্কত বিস্তাৰিতভাৱে অৱগত কৰে । বিষয়াগৰাকীয়ে আজিয়েই বিৰোধী দলসমূহৰ স্মাৰক পত্ৰ আৰু শংকা, সন্দেহৰ বিষয়ে দেশৰ নিৰ্বাচন আয়োগক অৱগত কৰিব আৰু যথাসম্ভৱ সোনকালে ইয়াৰ সঠিক উত্তৰ দিবলৈ আয়োগক অনুৰোধ জনাব বুলি প্রতিনিধি দলটোক অৱগত কৰে ।
বিৰোধী প্রতিনিধি দলটোত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিধায়ক ৰকিবুল হুছেইন (MLA Rakibul Hussain) আৰু মনজিৎ মহন্ত, জাতীয় দল অসমৰ পৰা সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ পৰা চি কে দাস আৰু কমল নয়ন চৌধুৰী, চি পি এমৰ পৰা ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ পৰা অলক নাথ, চি পি আইৰ পৰা ৰাতুল বৰা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টিৰ পৰা পৰেশ বৰুৱা, চি পি আই (এম এল)ৰ পৰা পংকজ কুমাৰ দাস, ৰাষ্ট্ৰীয় জনতা দলৰ পৰা ৰাকেশ ঝা, তৃণমূল কংগ্ৰেছৰ পৰা অৰূপজ্যোতি ভূঞা আৰু দিলীপ শৰ্মা, জনতা দল (ইউনাইটেড)ৰ পৰা পৰেশ নাথ আৰু বিপ্লৱ ৰাণী বৰগোহাঁয়ে অংশ গ্ৰহণ কৰে ।