গুৱাহাটী, 5 মাৰ্চঃশুকুৰবাৰৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ শ্রমিক সকলক সুৰক্ষিতভাৱে মেঘালয় আৰক্ষীয়ে পাঁচ খন ট্ৰাকত লৈ আনি যোৰাবাটত অসম আৰক্ষীক গটাই দিয়ে ৷ এই সম্পৰ্কে অসম আৰক্ষীৰ মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই সংবাদ মাধ্যমৰ আগত কয় যে, বুধবাৰে নিশা তেওঁলোকে এই বিষয়ে খবৰ পাই মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷ সেই মতেই মেঘালয় আৰক্ষীয়ে আজি তেওঁলোকক আনি অসম আৰক্ষীৰ হাতত গটাই দিয়ে ৷ অসমৰ আৰু কিমান লোক মেঘালয়ত আৱদ্ধ হৈ আছে লেই বিষয়ে অসম আৰক্ষীৰ হাতত বৰ্তমানলৈ কোনো ধৰণৰ তথ্য নাই বুলিও উল্লেখ কৰে মহাপৰিদৰ্শক গৰাকীয়ে ৷ অসমৰ ১৪ খন জিলাৰ মুঠ ২৭৯ জন শ্রমিকক মেঘালয় আৰক্ষীয়ে সুৰক্ষিতভাৱে অসমলৈ অনাৰ কথা প্ৰকাশ কৰে মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই ৷
মেঘালয়ত আবদ্ধ শ্ৰমিক সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম আৰক্ষীৰ - অসম আৰক্ষীৰ মহাপৰিদৰ্শক
অসম আৰক্ষীৰ মহাপৰিদৰ্শক পি দীপক কুমাৰ কেড়িয়াই সংবাদ মাধ্যমযোগে শুকুৰবাৰৰ পৰা মেঘালয়ত আৱদ্ধ হৈ থকা অসমৰ শ্রমিক সকলক সুৰক্ষিতভাৱে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক গটাই দিয়াৰ কথা প্ৰকাশ কৰে ৷
অসম আৰক্ষী