অসম

assam

ETV Bharat / state

Meghalaya Assembly Polls: মেঘালয়ৰ নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ ৫২ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা - মেঘালয় তৃণমূল কংগ্ৰেছৰ সভাপতি

মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে ৫২ গৰাকী প্ৰাৰ্থীৰ তালিকা ৷ উক্ত তালিকাত স্থান লাভ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ পৰিয়ালৰ 5 জন সদস্যই (TMC candidates of Meghalaya assembly polls)৷

Meghalaya Assembly Polls
মেঘালয় বিধানসভা নিৰ্বাচন

By

Published : Jan 7, 2023, 7:29 PM IST

Updated : Jan 7, 2023, 10:48 PM IST

গুৱাহাটী, ৭ জানুৱাৰী : মাত্ৰ এমাহ-দেৰমাহৰ পিছতে অনুষ্ঠিত হ’ব মেঘালয়ৰ বিধানসভা নিৰ্বাচন ৷ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শনিবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে মেঘালয় তৃণমূল কংগ্ৰেছে (TMC candidates of Meghalaya assembly polls)৷ ৬০ জনীয়া বিধানসভা আসনৰ ৫২ খন আসনৰ নাম তালিকাৰে তৃণমূলে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ এই তালিকাত সন্নিবিষ্ট হৈছে ৰাজ্যখনৰ বিৰোধীৰ দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু তেওঁৰ পৰিয়ালৰ তিনিজন সদস্যৰ নাম ৷

শুকুৰবাৰে তৃণমূল কংগ্ৰেছে(Meghalaya Trinamool Congress) ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব বুলি আশা কৰা মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে পাঁচগৰাকী মহিলাকে ধৰি ৫২ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে । ঘোষিত প্ৰাৰ্থীৰ ১৫ জন বৰ্তমানৰ বিধায়ক আৰু এমডিচি । দলটোৱে ৫ গৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে ৷

প্ৰাৰ্থীসকলৰ ভিতৰত বিশিষ্ট হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা(Former CM Mukul Sangma), তেওঁৰ পত্নী দিক্কাঞ্চি ডি শ্বিৰা, তেওঁলোকৰ কন্যা মিয়ানি ডি শ্বিৰা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ জেনিথ এম চাংমা ৷ উল্লেখ্য যে, এইসকলৰ আটাইকেইজনেই ২০১৮ চনত কংগ্ৰেছৰ টিকটত জয়ী হোৱা বিধায়ক । কিন্তু বৰ্তমান তেওঁলোক তৃণমূল কংগ্ৰেছৰ কৰ্মী ৷

তাৎপৰ্যপূৰ্ণভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ উক্ত সমষ্টি দুটা হ’ল- ছংছাক আৰু টিক্ৰিকিল্লা সমষ্টি ৷ ৰাজধানী শ্বিলঙত সাংবাদিকৰ আগত মেঘালয় তৃণমূল কংগ্ৰেছৰ সভাপতি চাৰ্লছ পিংগ্ৰ’পে(Meghalaya TMC president Charles Pyngrope) কয় যে বাকী আঠখন আসনৰ প্ৰাৰ্থীৰ নাম অতি সোনকালেই ঘোষণা কৰা হ’ব ৷ মনকৰিবলগীয়া যে, ২০২১ চনৰ নৱেম্বৰ মাহত ১৭ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১২ জন বিধায়কেই মুকুল চাংমাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছৰ বিধায়ক হৈ ৬০ জনীয়া মেঘালয় বিধানসভাত পিছদুৱাৰেৰে প্ৰৱেশ কৰিছিল ৷

ঘোষিত তালিকা মতে উমৰয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দলৰ শীৰ্ষ নেতা জৰ্জ বি লিংডোৱে । টিএমচিৰ ৰাজ্যিক সভাপতি চাৰ্লছ পিংগ্ৰ’পে নংথিমমাইৰ পৰা যুঁজিব ৷ মিষ্টাৰ পিংগ্ৰ’পে তালিকা ঘোষণা কৰি বিশেষভাৱে উল্লেখ কৰে যে, দল আৰু বাছনি সমিতিৰ জ্যেষ্ঠ সদস্যসকলৰ মাজত পুংখানুপুংখ আলোচনাৰ অন্তত এই নামসমূহ বাছি লোৱা হৈছে ।

আনহাতে দলটোৰ জ্যেষ্ঠ নেতা তথা বিৰোধীৰ নেতা মুকুল চাংমাই কয়, "আমি আশা কৰিছো যে ৰাজ্যৰ জনসাধাৰণে মেঘালয়ৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিব। ৰাজ্যখন যোৱা ৫ টা বছৰত সঁচাকৈয়ে ক্ষতিগ্ৰস্ত হৈছে । আমি নিশ্চিত যে, এইবাৰ মেঘালয়বাসীয়ে টি এম চি-ক নিৰ্বাচিত কৰি চৰকাৰ গঠন কৰিবলৈ দিব ।"

ইতিমধ্যে মেঘালয়ৰ আন এটা বিৰোধী দল কংগ্ৰেছে ৬০খনৰ ভিতৰত ৩০খন আসনৰ প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা ঘোষণা কৰিছে যোৱাটো সপ্তাহত (Congress candidates Maghalaya election)৷

লগতে পঢ়ক:Former minister Najrul Islam Passes away: এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত

Last Updated : Jan 7, 2023, 10:48 PM IST

ABOUT THE AUTHOR

...view details