গুৱাহাটী,13 এপ্ৰিলঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত কৰ’ণা ভাইৰাছৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন ৷ অসমত মহামাৰীত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুবুৰীয়া ৰাজ্য মেঘালয়ে ভাইৰাছবিধৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ অৱলম্বন কৰিছে বিশেষ সতৰ্কতা । মেঘালয়ৰ ৰিভই জিলা প্ৰশাসনে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ যোৰাবাটৰ বাৰমাইলৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত Covid 19 ৰ এক স্কেনিং কেন্দ্ৰ স্থাপন কৰে ৷ বিগত এসপ্তাহে অবিৰতভাৱে ঘাইপথটোৰে মেঘালয়লৈ প্ৰৱেশ কৰা বাহনসমূহৰ চালকসকলক ৰিভই জিলা প্ৰশাসনে স্কেনিং কৰিহে ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷
Covid 19 প্ৰতিৰোধৰ বাবে স্কেনিঙৰ ব্যৱস্থা ৰিভই জিলা প্ৰশাসনৰ - মেঘালয় প্ৰশাসন
মেঘালয় প্ৰশাসনৰ কৰ’ণা ভাইৰাছ সন্দৰ্ভত গ্ৰহণ বিশেষ সুৰক্ষা ব্যৱস্থা ৷ ৰাজ্যখনৰ ৰিভই জিলা প্ৰশাসনে অসমৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিখন বাহনৰ চালকক স্কেনিং কৰি ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়ে ৷
Covid 19 প্ৰতিৰোধৰ বাবে স্কেনিঙৰ ব্যৱস্থা