গুৱাহাটী 16 এপ্ৰিল: চুবুৰীয়া ৰাজ্য মেঘালয়ত এজন মৃত্যু আৰু ছয় জন লোক ক‘ৰণা আক্ৰান্ত হোৱা পাছত ৷ বিশেষ সতৰ্কতা অৱলম্বন কৰিছে মেঘালয় আৰক্ষী আৰু স্বাস্থ্য বিভাগে ৷ কৰা'ণা ভাইৰাছৰ সংক্ৰমণ মেঘালয়ত হোৱাৰ লগে লগে মেঘালয়ৰ ৰিভ'ই জিলা প্ৰশাসনে দিনে নিশাই যোৰাবাটৰ ১২ মাইলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কভিড-১৯ স্কেনিং কেন্দ্ৰ স্থাপন কৰা পৰিলক্ষিত হৈছে।
মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথত স্কেনিঙৰ ব্যৱস্থা প্ৰশাসনৰ - meghalaya goverment scanning
যোৰাবাটৰ ১২ মাইলৰ ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কভিড ১৯ স্কেনিং কেন্দ্ৰ স্থাপন কৰা দেখা গৈছে। প্ৰতিখন বাহন তন্ন তন্ন কৈ তালাচী কৰি চালক হেণ্ডিমেনক ৷
মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথত স্কেনিঙৰ ব্যৱস্থা প্ৰশাসনৰ
ৰিভ'ই জিলা প্ৰশাসনে অসমৰ পৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মেঘালয়লৈ প্ৰৱেশ কৰা অত্যাৱশ্যকীয় সেৱাৰ প্ৰতিখন বাহন তন্ন তন্ন কৈ তালাচী কৰি চালক হেণ্ডিমেনক স্কেনিং কৰা পৰিলক্ষিত হৈছে। মেঘালয় আৰক্ষীয়ে ট্ৰাক চালকৰ লগতে আন আন যান বাহনৰ চালককো মেঘালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে স্কেনিং কৰাৰ লগতে বিনা বিনামূলীয়া হেণ্ড চেনেটাইজাৰ,মাস্ক,চাবোন আৰু পানী প্ৰদান কৰিছে ।