গুৱাহাটী, ৩০ ছেপ্টেম্বৰ :বুধবাৰে মাজনিশা মেঘালয়ৰ তুৰাৰ পৰা শ্বিলং অভিমুখী মেঘালয় পৰিবহন নিগমৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নিহত যাত্ৰী সকলৰ পৰিচয় ৰাজহুৱা কৰিছে মেঘালয় চৰকাৰে । চৰকাৰী বিবৃতি যোগে কোৱা হৈছে যে যোৱা নিশা প্ৰায় ১১.৩০ ৰ পৰা ১২ বজাৰ ভিতৰত নংশ্ৰাম গাঁৱত এই বাছখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত 6 গৰাকীকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে ।
দুৰ্ঘটনাটোত ১৬ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলিও বিবৃতিটোত কোৱা হয় । নিহত ছয় গৰাকী লোক হ'ল অভিশপ্ত বাছখনৰ চালক এভাৰষ্টাৰ খাৰুমনুইড (৪৫), যাত্ৰী চেকামচি জি মমিন (১৮), টংচিমবাৰ্থ এম চাংমা, ট্ৰাইৱিন আৰ মাৰাক (২৩), চেংশ্ৰাং আৰ মাৰাক আৰু ডিচমি এম চাংমা (২৩) ।