গুৱাহাটী, 27 ছেপ্টেম্বৰ : অহা 2 অক্টোবৰত মহানগৰী গুৱাহাটীত অনুষ্ঠিত হ'ব মেগা ক'ভিড টীকাকৰণ অভিযান ৷ উক্ত দিনটোত কামৰূপ মেট্ৰ’ জিলাত অতি কমেও 42,000 পালি টীকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে ৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে পূৰ্বৰ টীকাকৰণ কেন্দ্ৰসমূহৰ উপৰিও সোণাপুৰৰ গাঁও অঞ্চল সমূহত আৰু মহানগৰৰ শ্লাম এলেকাত অধিক টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷
গান্ধী জয়ন্তীৰ দিনা অনুষ্ঠিত হ'বলগীয়া এই অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ অঞ্চল বিশেষে গাঁও বুঢ়া, লাট মণ্ডল, MPW, গাঁওৰক্ষী বাহিনী, আশা কৰ্মী, অংগনবাদী কৰ্মীৰ সহযোগত মেগা টীকাকৰণ অভিযান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷