গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত বিষয়ত মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন বিশেষ সভাৰ আয়োজন কৰা হয় (Meeting on security and future of digital media) । কেইবাগৰাকী সাংবাদিকৰ আহ্বান মৰ্মে আয়োজন কৰা হয় এই বিশেষ সভাখনৰ । সভাৰ সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে ৷
গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এই সভাত ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ সুৰক্ষা, পেচাগত দিশত হোৱা সমস্যা বিলাক কিদৰে সমাধান কৰিব পৰা যায়, তাৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয় । জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ।
ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত বিষয়ত বিশেষ সভা সভাৰ শেষত সকলোৰে সন্মতিক্ৰমে বেদব্ৰত বৰাক সভাপতি, কাৰ্যকৰী সভাপতি নয়নজ্যোতি ভূঞা আৰু সাধাৰণ সম্পাদক নৱজ্যোতি কলিতাকে ধৰি মুঠ ২৩ জনীয়া এখন তদৰ্থক সমিতি গঠন কৰা হয় । এই সমিতিখনত ৫ গৰাকী উপদেষ্টা, ৪ গৰাকী উপ সভাপতি, ৪ গৰাকী সম্পাদক, ৭ গৰাকী সদস্য অন্তৰ্ভুক্ত কৰি তদৰ্থ সমিতিখন গঠন কৰা হয় ।
পৰৱৰ্তী সময়ত ডিজিটেল মিডিয়াৰ সাংবাদিকতাৰ বিভিন্ন দিশত কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ আজিৰ সভাই সমিতিখনক দায়িত্ব অৰ্পণ কৰে । সভাত ডিজিটেল সংবাদ মাধ্যমে সন্মুখীন হৈ অহা সমস্যাৰ ওপৰত বক্তব্য ৰাখে কেইবাগৰাকী বক্তাই । সভাত ডিজিটেল সংবাদ মাধ্যমৰ দায়বদ্ধতা, কৰ্তব্য আৰু নৈতিকতাৰ ওপৰত আলোকপাত কৰা হয় ।
লগতে পঢ়ক :Candidates file nomination: জিলা উপায়ুক্তৰ নাম নাজানে নলবাৰী বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থীয়ে