গুৱাহাটী, ৬ আগষ্ট : চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমাবিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে (CM Himanta Biswa Sharma special initiatives about border dispute) । ইতিমধ্যে মেঘালয়ৰ সৈতে থকা সীমাবিবাদৰ কিছু অংশত মীমাংসা কৰা হৈছে । অৰুণাচল প্ৰদেশৰ সৈতেও আলোচনা চলি আছে । মিজোৰামৰ সৈতে থকা সীমাবিবাদৰ সমস্যা মীমাংসা কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে (CM Himanta Biswa Sharma special initiatives about border dispute)।
অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ অংশ হিচাপে অহা ৯ আৰু ১০ আগষ্টত মিজোৰামৰ ৰাজধানী আইজলত ৰাজ্য দুখনৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব । অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পাঁচজনীয়া এটা প্রতিনিধি দলে এই বৈঠকত অংশগ্রহণ কৰিব (Assam Border Security and Development Minister Atul Bora)।
ৰাজ্যৰ নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (Urban Development and Housing Minister Ashok Singhal) লগতে সীমান্ত সুৰক্ষা আৰু উন্নয়ন আয়ুক্ত আৰু সচিব জি ডি ত্ৰিপাঠীকে ধৰি তিনিজন শীর্ষ বিষয়া মন্ত্ৰী অতুল বৰাৰ সৈতে যাব ।
অসমৰ পাঁচজনীয়া প্রতিনিধি দলটো ৯ আগষ্টত আইজলত উপস্থিত হ’ব । মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ নেতৃত্বত মিজোৰামৰ এটা প্রতিনিধি দলে বৈঠকত অংশগ্রহণ কৰিব (Mizoram Home Minister Lalchamliana and others attend meeting) । দুদিনীয়া বৈঠকখনত দুয়োখন চৰকাৰৰ প্রতিনিধিবৰ্গই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীর্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী আৰু শান্তিপূর্ণ সমাধান সূত্র উলিওৱাৰ বাবে আলোচনা কৰিব বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত আৰু সচিব জি ডি ত্রিপাঠীয়ে জানিবলৈ দিয়ে ।