অসম

assam

ETV Bharat / state

পুনৰ মুকলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ - press club

কিছু নীতি নিয়ম মানি অহা ৮ জুনৰ পৰা ব্যৱহাৰৰ বাবে মুকলি কৰা হ'ব সভাকক্ষটো । প্ৰথম অৱস্থাত সংবাদমেল,গ্ৰন্থ উন্মোচন,চিডি- ভিচিডি উন্মোচন,সংবাদ মাধ্যমৰ বাবে জৰুৰী বিবেচিত অনুষ্ঠানৰ বাবেহে সভাকক্ষ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব ৷

পুনৰ মুকলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ
পুনৰ মুকলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ

By

Published : Jun 3, 2020, 4:31 PM IST

গুৱাহাটী, 3 জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষিত লক ডাউন প্ৰায় শিথিল কৰাৰ পিছত পুনৰ মুকলি কৰিবলৈ সাজু গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ ৷ ৰাজ্যৰ মুখ্য সচিবৰ সৈতে হোৱা মৌখিক আলোচনা মৰ্মে কিছু নীতি নিয়ম মানি অহা ৮ জুনৰ পৰা ব্যৱহাৰৰ বাবে মুকলি কৰা হ'ব সভাকক্ষটো ।

প্ৰথম অৱস্থাত সংবাদমেল,গ্ৰন্থ উন্মোচন,চিডি-ভিচিডি উন্মোচন,সংবাদ মাধ্যমৰ বাবে জৰুৰী বিবেচিত অনুষ্ঠানৰ বাবেহে সভাকক্ষ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব ৷
উল্লেখযোগ্য যে,সভাকক্ষ ব্যৱহাৰৰ ক্ষেত্ৰত তলৰ নিয়মসমূহ পালন কৰাটো বাধ্যতামূলক-
• সামাজিক দূৰত্বৰ বজাই ৰখাৰ স্বাৰ্থত সভাকক্ষৰ ভিতৰত ২০ জনতকৈ বেছি লোক প্ৰৱেশ কৰিব নোৱাৰিব ৷
• মঞ্চত ৩ জনতকৈ অধিক লোকে আসন গ্ৰহন কৰিব নোৱাৰিব ৷
• সকলোৱে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক ৷
• সভাকক্ষত প্ৰৱেশ কৰাৰ পূৰ্বে হাত চেনিটাইজ কৰিব লাগিব সকলোৱে ৷
• অনুষ্ঠানত অংশ লোৱা সকলো ব্যক্তিৰে থাৰ্মেল স্কেনাৰেৰে শৰীৰৰ উত্তাপ জোখাটো বাধ্যতামূলক ৷
• প্ৰেছ ক্লাৱ কৰ্তৃপক্ষৰ অনুমতি লৈহে অনুষ্ঠানত খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিব পাৰিব ৷

আনহাতে সকলোকে নীতি নিয়ম মানি দু:সময়ৰ ডাৱৰ আতৰাই সকলোৰে বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে আহ্বান জনাই প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে।

লগতে চাওকঃ হাইলাকান্দিত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাত ব্যাপক অনিয়ম!

ABOUT THE AUTHOR

...view details