অসম

assam

ETV Bharat / state

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰ খনত সমস্যাৰ সৃষ্টি কৰিব !

নতুন শিক্ষা নীতিয়ে প্ৰাক প্ৰাথমিক স্তৰ পুনৰ আৰম্ভ কৰিব খুজিছে কিন্তু সেয়া কৰ্মক্ষেত্ৰত কিমানদূৰ সফল হ'ব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি । এই প্ৰস্তাৱ যদি কাৰ্যকৰী হয় তেতিয়া ভাৰতবৰ্ষত মাতৃ ভাষা শিক্ষা মাধ্যমৰ যে কিবা পৰিৱৰ্তন বা বিকাশ হব' সেইটো এই খচৰাৰ জৰিয়তে প্ৰকাশিত হোৱা নাই।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰ খনত সমস্যাৰ সৃষ্টি কৰিব!

By

Published : Jul 14, 2019, 8:12 AM IST

গুৱাহাটী, ১৩ জুলাই:নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰ খনত সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰি শনিবাৰে অসমৰ ছাত্ৰ সংগঠন সমূহে বিভিন্ন শিক্ষাবিদৰ স'তে এক আলোচনাত মিলিত হয় । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ উদ্যোগত সাহিত্য সভা ভৱনত এই আলোচনাচক্ৰ অনুষ্ঠিত হয় ।

এই আলোচনাচক্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি কি, এই শিক্ষা নীতিয়ে প্ৰকৃততে কাক লাভৱান কৰিব তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । আলোচনাচক্ৰ খনত আলোচক হিচাবে উপস্থিত থাকে দীনেশ বৈশ্য, অধ্যাপক দিলীপ বৰা, জয়দ্বীপ বৰাকে প্ৰমুখ্য কৰি বহু কেইজন শিক্ষাবিদ । তেওঁ লোকে কয় যে নতুন শিক্ষা নীতিয়ে প্ৰাক্ প্ৰাথমিক স্তৰ পুনৰ আৰম্ভ কৰিব খুজিছে কিন্তু সেয়া কৰ্মক্ষেত্ৰত কিমানদূৰ সফল হ'ব সেয়া এতিয়াই অনুমান কৰিব নোৱাৰি । নতুন শিক্ষা নীতিত উল্লেখিত "গৱেষণা বিশ্ববিদ্যালয়"ধাৰণাটোৱে দেশৰ এচাম বৃহৎ পুঁজিপতিকহে সুবিধা প্ৰদান কৰিব । এই খচৰাত এখন গৱেষণা বিশ্ববিদ্যালয় হ'বলৈ নূন্যতম 5 হাজাৰৰ পৰা 25 হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব লাগিব বুলি উল্লেখ কৰা আছে । ইমান বৃহৎ আকাৰৰ বিশ্ববিদ্যালয় কোনো ব্যক্তি বা ৰাজ্য চৰকাৰ সমূহে স্থাপন কৰাটো সম্ভৱ নহয় । গতিকে নতুন শিক্ষা নীতিয়ে উচ্চ শিক্ষাক বৃহৎ পুঁজিপতিৰ মুনাফা লাভৰ এক ব্যৱসায়লৈ পৰিণত কৰিব বুলি তেওঁলোকে মতপোষণ কৰে । লগতে কয় যে এই প্ৰস্তাৱ যদি কাৰ্যকৰী হয় তেতিয়া ভাৰতবৰ্ষত মাতৃভাষা শিক্ষা মাধ্যমৰ যে কিবা পৰিৱৰ্তন বা বিকাশ হ’ব সেইটো এই খচৰাৰ জৰিয়তে প্ৰকাশিত হোৱা নাই । ইয়াৰোপৰি তেওঁলোকে এই শিক্ষা নীতিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ৰাজ্যত আন্দোলন গঢ়ি তোলাৰো আহ্বান জনায় ।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰ খনত সমস্যাৰ সৃষ্টি কৰিব!

ABOUT THE AUTHOR

...view details