গুৱাহাটী,19 ফেব্ৰুৱাৰীঃ বুধবাৰে লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰাৰ উদ্দেশ্যে উপস্থিত হয় নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু মেগাছেছে বঁটা বিজয়ী সমাজকৰ্মী সন্দ্বীপ পাণ্ডে ৷ অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰাৰ পিছতে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰে দুয়োগৰাকী সমাজকৰ্মীয়ে ৷ উক্ত সংবাদমেলত চৰকাৰক সমালোচনাৰে থকাসৰকা কৰি মেধা পাটকাৰে কয় যে, জনতাৰ গণতান্ত্ৰিক অধিকাৰ ,অহিংস প্ৰতিবাদ এই সকলো অসন্মান কৰি চৰকাৰে গণকণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে। অখিল গগৈ,মানস কোঁৱৰ,ধৈৰ্য্য কোঁৱৰ,বিতু সোনোৱাল এই সকলো লোকক বন্দী কৰি ৰখাৰ একমাত্ৰ কাৰণ এই যে তেওঁলোকে কাৰো আনুগত্য স্বীকাৰ নকৰে । লগতে সমগ্ৰ ভাৰতবৰ্ষত নাগৰিকত্ব সংশোধনী আইন লৈ যি অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছিল সেই সন্দৰ্ভত চৰকাৰে ইয়াত মুছলমান সকলক ঢাল বনাই ব্যৱহাৰ কৰিব বিচাৰিছিল বুলিও মন্তব্য কৰে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰীগৰাকীয়ে ।
আনহতে, মেগাছেছে বঁটা বিজয়ী সন্দ্বীপ পাণ্ডেই সংবাদমেলত কয় যে চৰকাৰৰ স্বাৰ্থজনীত কাৰণত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰৰ সমুখত এক শক্তিশালী বিপৰীত দল হিচাপে থিয় হোৱা একমাত্ৰ ব্যক্তিজন হল অখিল গগৈ। 2018 বৰ্ষত যেতিয়া অখিল গগৈয়ে ৭০ জনগোষ্ঠীয় শক্তিৰ সৈতে একেলগ হৈ আন্দোলন কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সেই সময়ত অগপ অথবা আছু কোনোৱে নাছিল তেওঁৰ পক্ষত। কেৱল অখিল গগৈৰ নেতৃত্বত এক শক্তিশালী আন্দোলৰ সূচনা হৈছিল অসমত । কিন্তু অখিল গগৈ কাৰাগাৰলৈ যোৱাৰ পিছত সকলো শক্তিৰ অৱসান ঘটিল আৰু ইয়াৰ বৃহৎ সাফল্য লাভ কৰিলে চৰকাৰে । গতিকে এয়া এক ষড়যন্ত্ৰ আন্দোলক স্থবিৰ কৰাৰ যত আছুৱে নেতৃত্ব বহন কৰি আন্দোলনক অন্য ৰূপ দিয়াটো পৰিলক্ষিত হৈছে ।