অসম

assam

ETV Bharat / state

Tea Production in Manipur:মণিপুৰৰ 50 হেক্টৰ পাহাৰীয়া মাটিত চাহ খেতি কৰাৰ লক্ষ্য Meckley tea ৰ - Meckley tea ৰ সঞ্চালক অংকু বৰা

এইবাৰ মণিপুৰৰ ভূমিত চাহ খেতি কৰাৰ লক্ষ্য অসমৰ ৷ মণিপুৰৰ পাহাৰীয়া অঞ্চলত 50 হেক্টৰ মাটিত চাহ খেতি কৰাৰ লক্ষ্য Meckley tea PVT imited ৰ ৷

Tea Production in Manipur
মণিপুৰৰ 50 হেক্টৰ পাহাৰীয়া মাটিত চাহ খেতি কৰাৰ লক্ষ্য Meckley tea ৰ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:04 PM IST

মণিপুৰৰ 50 হেক্টৰ পাহাৰীয়া মাটিত চাহ খেতি কৰাৰ লক্ষ্য Meckley tea ৰ

গুৱাহাটী, 11 অক্টোবৰ: "মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ আঁৰত পপি খেতিৰ হাত আছে ৷ পপি খেতিয়ে মণিপুৰক বছৰ বছৰ ধৰি ক্ষতি কৰি আহিছে ৷ এই পপি খেতিয়ে যুৱচামক ড্ৰাগছৰ প্ৰতি আসক্ত কৰিছে ৷ লগতে এই এই নিচাযুক্ত সামগ্ৰীৰ প্ৰচাৰ কৰাত একাংশ নিষিদ্ধ ঘোষিত সংগঠনেও বিনিয়োগ কৰি তাৰ পৰা হোৱা লাভাংশ সংগ্ৰহ কৰে ৷ কিছু ক্ষেত্ৰত এয়া ৰোধ কৰাও চৰকাৰৰ ক্ষমতাৰ বাহিৰত ৷ সেইবাবে আমাৰ এটাই লক্ষ্য যে আমি মণিপুৰৰ পপি খেতি হোৱা ঠাইসমূহত চাহগছ ৰোপন কৰি প্ৰচাৰ চলাব লাগে ৷ অসমত চাহ উৎপাদনৰ পৰা হোৱা লাভালাভ দেখি তেওঁলোক যথেষ্ট আগ্ৰহী হৈছে ৷" Meckley tea PVT limited ৰ সঞ্চালক অংকু বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত Meckley tea ৰ দুই বিষয়ববীয়াই এক সংবাদমেল আয়োজন কৰে ৷ এই সংবাদমেলতেই এইবাৰ মণিপুৰত চাহ খেতি সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা জানিবলৈ দিয়ে দুই বিষববীয়াই ৷

অংকু বৰাই লগতে কয় যে, মণিপুৰত অবৈধভাৱে ৭,৫০০ হেক্টৰ ভূমিত আফিং খেতি কৰা হয়। যিয়ে মনিপুৰৰ যুৱ প্ৰজন্মৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। যুৱ প্ৰজন্মৰ অধিক সংখ্যকে নিচাযুক্ত হৈ নানা অপৰাধমূলক কামত জড়িত হৈ পৰিছে । সেই ৭,৫০০ হেক্টৰ মাটিত চাহ খেতি কৰিলে প্ৰায় ৭২ কোটি টকা উপাৰ্জন হ’লহেতেন। গতিকে এই দিশটো চৰকাৰে চালি-জাৰি চোৱা উচিত।

তেওঁ লগতে কয়, "চৰকাৰে মণিপুৰত পাহাৰীয়া অঞ্চলত আফিং খেতি বন্ধ কৰাৰ বাবে পদক্ষেপ লোৱা উচিত। মণিপুৰত চাহ খেতি কৰাটো জৰুৰী । তাত চাহ খেতি কৰিলে নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ লগতে স্থানীয় লোকৰ উন্নয়ন হোৱাৰ উপৰি চাহ পৰ্যটন বৃদ্ধি পাব। ইয়াৰ বাবে আমাৰ ষ্টাৰ্টআপ কোম্পানীৰ জৰিয়তে মণিপুৰৰ যুৱ প্ৰজন্মক প্ৰশিক্ষণ দিম। মণিপুৰৰ পৰিৱেশ শান্ত হোৱাৰ পিছতে চাহ খেতিৰ বাবে যাৱতীয় কাম আৰম্ভ কৰিম। বৰ্তমান আমি প্ৰাৰম্ভিক পৰ্যায়ত আছো যদিও মণিপুৰ চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছো । আমি প্ৰাৰম্ভিক পৰ্যায়ত মণিপুৰৰ পাহাৰীয়া অঞ্চলত 50 হেক্টৰ মাটিত চাহ খেতি কৰাৰ লক্ষ্য লৈছো ।"

লগতে পঢ়ক:Kidney transplantation and dialysis: আয়ুষ্মান ভাৰত কাৰ্ড থকা সকললৈ বিনামূলীয়াকৈ বৃক্ক সংৰোপণ তথা ডায়লাইচিছৰ সুযোগ

ABOUT THE AUTHOR

...view details