গুৱাহাটী, 22 ফেব্ৰুৱাৰী:পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল ৷ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী অনান্য সুবিধা প্ৰদানৰ দাবীৰে সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা ওলাই আহিব লওতেই আৰক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত হতাহতি লিপ্ত হোৱা দেখা যায় ৷ এক লাখ ওঠৰ হাজাৰ ন শ আঠান্নবৈ গৰাকী (১,১৮,৯৯৮) গৰাকী প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল - চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল
সোমবাৰে গুৱাহাটীৰ চচলত পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল ৷ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে চৰকাৰী অনান্য সুবিধা প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকল