গুৱাহাটী,15 ছেপ্তেম্বৰ:মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰাবাসৰ বাহিৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ ৷ মৃত ছাত্ৰগৰাকী ডিমা হাছাওৰ মাহুৰৰ নিমচিং পানমেই ৷ চিকিৎসা মহাবিদ্যালয়ৰ ৪ নং হোষ্টেলৰ আৱাসী আছিল মৃত ছাত্ৰগৰাকী ৷ ইফালে মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰগৰাকীৰ মূৰ আৰু মুখত স্পষ্ট আছে আঘাতৰ চিন ৷ পোনতে মৃতদেহটো অৰ্ধ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত এই ঘটনা সম্পৰ্কে খবৰ দিয়া হয় ভঙাগড় আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰে প্ৰাথমিক তদন্ত ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত সত্য উদঘাটন হোৱাৰ সম্ভাৱনা আছে ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - এমবিবিএছ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উদ্ধাৰ হৈছে এগৰাকী এমবিবিএছ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ ৷ মৃত ছাত্ৰগৰাকী ডিমা হাছাওৰ মাহুৰৰ নিমচিং পানমেই ৷ ভঙাগড় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ছাত্ৰৰ মৃতদেহ উদ্ধাৰ