গুৱাহাটী, 13 জানুৱাৰী : আপুনিও 2023 ৰ নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ পৰিশোধ কৰা নাই নেকি ! তেন্তে শীঘ্ৰে সম্পত্তিৰ কৰ আদায় দিয়ক ৷ বিশেষকৈ গুৱাহাটীবাসীলৈ এই আহ্বান জনাইছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ নতুন নিৰিখি অনুসৰি যদিহে মহানগৰীত থকা সম্পত্তিৰ গৰাকীয়ে কৰ আদায় দিয়া নাই তেন্তে 31 মাৰ্চৰ ভিতৰত সম্পত্তিৰ কৰ আদায় দিবলৈ আহ্ৱান জনালে মেয়ৰগৰাকীয়ে ৷
শনিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘মহানগৰীৰ 91 হাজাৰ সম্পত্তিৰ গৰাকীয়ে 2008 চনৰ নিৰিখ অনুসৰি অৰ্থাৎ পুৰণা নিৰিখ অনুসৰিহে সম্পত্তিৰ কৰ দি আছে ৷ তাৰ বিপৰীতে 1.50 লাখৰো অধিক সম্পত্তিৰ গৰাকীয়ে 2023 ৰ নতুন নিৰিখ অনুসৰি কৰ আদায় দি আছে ৷ 91 হাজাৰে নতুন নিৰিখ অনুসৰি সম্পত্তিৰ কৰ দিয়া নাই ৷ সেয়েহে তেওঁলোকক নতুন নিৰিখৰ মতে 31 মাৰ্চৰ ভিতৰত সম্পত্তি কৰ আদায় দিব লাগিব ৷ অন্যথা জব্দ হ’ব পাৰে সম্পত্তি বা বাতিল হ’ব পাৰে হ’ল্ডিং নম্বৰ ৷’’