অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান মায়াং চক্ৰৱৰ্তী - ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান মায়াং চক্ৰৱৰ্তী

মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত অনুষ্ঠিত ৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ছেইছ চেম্পিয়নশ্বিপত ৰেংকিঙৰ দুই নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল মায়াং চক্ৰৱৰ্তীয়ে। দেশৰ প্ৰায় শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। মায়াঙৰ সাফল্যত আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ।

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান মায়াং চক্ৰৱৰ্তী
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান মায়াং চক্ৰৱৰ্তী

By

Published : Dec 1, 2019, 11:45 PM IST

গুৱাহাটী, 1 ডিচেম্বৰ: ৰাষ্ট্ৰীয় পৰ্যায়ত জয়যাত্ৰা অব্যাহত আছে অসম সন্তানৰ। ৰাষ্ট্ৰীয় ডবা প্ৰতিযোগিতাত জিলিকিল গুৱাহাটীৰ আদাবাৰী তিনিআলীৰ মায়াং চক্ৰৱৰ্তী। মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত অনুষ্ঠিত৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ছেইছ চেম্পিয়নশ্বিপত ৰেংকিঙৰ দুই নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল মায়াং চক্ৰৱৰ্তীয়ে। দেশৰ প্ৰায় শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত । মায়াঙৰ সাফল্যত আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ ।

অসম সন্তান মায়াং চক্ৰৱৰ্তী

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে দিল্লীত অনুষ্ঠিত ডবা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছিল মায়াঙে। তাৰোপৰি বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ইতিমধ্যেই অসমৰ নাম উজলাবলৈ সক্ষম হৈছে কিশোৰজনে। উক্ত প্ৰতিযোগিতাখনৰ প্ৰথম স্থান দখল কৰে দিল্লীৰ ডাভিক ৱাধাবান আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ মহম্মদ ইমৰানে।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details