গুৱাহাটী, ১৮ মাৰ্চ :মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে CIDৰ জিন্মালৈ । শিক্ষাবৃত্তিক কালিমাসনা তিনি শিক্ষকক শুকুৰবাৰে লখিমপুৰত গ্ৰেপ্তাৰ কৰাৰ লগতে এজন নাবালককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতে শনিবাৰে CID কাৰ্যালয়লৈ লৈ অনা হয় আটাইকেইজন অভিযুক্তক ৷ ইয়াৰ পাচতেই CJM আদালতটো হাজিৰ কৰা হয় তিনি অভিযুক্তক ।
আদালতত শুনানিৰ অন্তত ১০ দিনৰ CID ৰ জিন্মালৈ প্ৰেৰণ কৰা হয় তিনি শিক্ষকক (Masterminds of Assam paper leak being brought to CID custody) । ইপিনে লখিমপুৰৰ পৰা আটক কৰা ১৪ বছৰীয়া নাবালক ছাত্ৰজনক আদালতত হাজিৰ কৰোৱা পাচত বকোস্থিত শিশু পুনৰ্বাসন গৃহলৈ প্ৰেৰণ কৰা হয় । আনহাতে, CID ৰ জিন্মাত থকা ১০ জন অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিচতে শনিবাৰে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয় ।
ইপিনে CID য়ে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ পৰা জব্দ কৰা সমূহ নথি-পত্ৰ লৈ অনা হয় CID কাৰ্যালয়লৈ । আনহাতে, প্ৰণৱ দত্তৰ ভাড়াঘৰত দত্তৰ নিৰ্দেশত কুমুদ ৰাজখোৱাই জ্বলাই দিছিল ফাদিল হোৱা প্ৰশ্নকাকতসমূহ ৷ জ্বলাই দিয়া সেই প্ৰশ্নকাকতৰ আধা জ্বলা প্ৰশ্নকাকতৰ এটা টোপোলাও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ফৰেনছিকলৈ ।