গুৱাহাটী, ২৫ জুন :উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । বৈঠকত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটীৰ সাংসদ কুইন ওজা, মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি পৌৰ নিগমৰ বিষয়ববীয়া সকলৰ লগতে কেইবাটাও বিভাগৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । বৈঠকত গুৱাহাটী মহানগৰৰ উন্নয়নৰ খতিয়ানৰ লগতে আগন্তুক দিনত কৰিবলগীয়া কামৰ পৰ্যালোচনা কৰা হয় ।
জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপ হিচাপে প্ৰতিখন জিলাতে নিযুক্তি দিয়া হৈছে অভিভাৱক মন্ত্ৰী । কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক । শুকুৰবাৰে অভিভাৱক মন্ত্ৰী হিচাপে বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সমষ্টিৰ বিধায়ক, প্ৰশাসনীয় বিষয়া, আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে আন বিভাগৰ বিষয়াৰে আলোচনাত মিলিত হয় ।
উল্লেখ্য যে, এই আলোচনাৰ পাচতে 45 দিনৰ ভিজন ডকুমেন্ট প্ৰস্তুতৰ নিৰ্দেশ দিয়ে । বৈঠকত গুৱাহাটীৰ ভূমিস্খলন, কৃত্ৰিম বাঢ়নী পানী ৰোধ সন্দৰ্ভত আলোচনা কৰা হয় । তদুপৰি বৈঠকত গুৱাহাটীকলৈ মাষ্টাৰ প্লেন প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।