অসম

assam

ETV Bharat / state

বাঘজান কাণ্ডক লৈ গুৱাহাটীত অসম জনতা দলৰ প্ৰতিবাদ - অইল কৰ্তৃপক্ষ

বাঘজান কাণ্ডকলৈ পুনৰ সৰৱ অসম জনতা দল । ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণৰ দাবী জনাইছে অন্যথা চৰকাৰে ভয়ংকৰ পৰিণতি ভোগ কৰিব লাগিব বুলি সকীয়নি ৷

Massive Protest In Guwahati
গুৱাহাটীত অসম জনতা দলৰ প্ৰতিবাদ

By

Published : Sep 20, 2020, 5:06 PM IST

গুৱাহাটী, 20 ছেপ্তেম্বৰ :বাঘজানৰ ক্ষতিগ্ৰস্ত সকলক উচিত ক্ষতিপূৰণৰ দাবীত বিভিন্ন দল সংগঠনে অব‍্যাহত ৰাখিছে প্ৰতিবাদ । দেওবাৰে বাঘজান কাণ্ডকলৈ পুনৰ মহানগৰৰ ৰ'টাৰী ক্লাৱত অসম জনতা দলে প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্ৰে অসম জনতা দলে বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণৰ দাবী জনাইছে অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, বাঘজান অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিবৰ বাবে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও চৰকাৰে আজি পৰ্যন্ত তেওঁলোকক ক্ষতিপূৰণ দিবলৈ সক্ষম হোৱা নাই ৷

গুৱাহাটীত অসম জনতা দলৰ প্ৰতিবাদ

অভিযোগ অনুসৰি, বাঘজানবাসীয়ে এতিয়াও অনাহাৰে দিন কটাবলগীয়া হৈছে । চৰকাৰে ক্ষতিগ্ৰস্ত সকলৰ জৰীপ চলাই আছে যদিও আজি পৰ্যন্ত ক্ষতিগ্ৰস্ত সকলৰ মূল তালিকা প্ৰকাশ কৰিব নোৱাৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

গুৱাহাটীত অসম জনতা দলৰ প্ৰতিবাদ

গতিকে, অসম জনতা দলে অনতিপলমে ৰাজ্য চৰকাৰে অইল কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব‍্যৱস্থা নকৰিলে ইয়াৰ ভয়ংকৰ পৰিণতি ভোগ কৰিব লাগিব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰিছে ৷

লগতে পঢ়ক :গড়কাপ্তানি পথে জ্বলা-কলা খুৱাইছে টীয়কবাসীক

ABOUT THE AUTHOR

...view details