গুৱাহাটী, 9 নৱেম্বৰ : মহানগৰীৰ পাথৰকুৱাৰীত সোমবাৰে সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। পাথৰকুৱাৰীস্থিত A1 কম্পিউটাৰ এণ্ড ইলেকট্ৰনিকছ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । প্ৰতিষ্ঠানখন বন্ধ হৈ থকা অৱস্থাত সুত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷ অগ্নিকাণ্ডত প্ৰতিষ্ঠানটোৰ কেইবালক্ষাধিক টকাৰ কম্পিউটাৰৰ লগতে অন্যান্য সা সামগ্ৰী ভষ্মীভূত হয়। পৰৱৰ্তী সময়ত তিনিখনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
মহানগৰীৰ পাথৰকুৱাৰীত অগ্নিকাণ্ডৰ ঘটনা - শ্বৰ্ট চাৰ্কিট
মহানগৰীৰ পাথৰকুৱাৰীত সোমবাৰে সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। পাথৰকুৱাৰীস্থিত A1 কম্পিউটাৰ এণ্ড ইলেকট্ৰনিকছ নামৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
মহানগৰীৰ পাথৰকুৱাৰীত অগ্নিকাণ্ডৰ ঘটনা