গুৱাহাটী, 24 ফেব্ৰুৱাৰী:মহানগৰীৰ হাটীগাঁৱত বিধ্বংসী অগ্নিকাণ্ড ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Guwahati) ৷ হাটীগাঁও চাৰিআলিৰ অজন্তা পথৰ ৰিজু আলী নামৰ ব্যক্তিজনৰ ভাৰাতীয়া আবাসীক চৌহদত সূত্ৰপাত হয় জুইৰ ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় শতাধিক বাসগৃহ ৷
প্ৰত্যক্ষদৰ্শীৰ মতে নিশা প্ৰায় 11 বজাত এটা ভাৰাঘৰৰ পৰা সূত্ৰপাত হয় এই জুইৰ ৷ ফলত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱাৰ ৷ এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে, মূহুৰ্তৰ ভিতৰতে জুইৰ লেনিহান শিখাই ছানি ধৰে সমগ্ৰ আবাসীক এলেকাটো (Fire broke out at Hatigaon) ৷
চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই লয় অতি ভয়াৱহৰূপ ৷ বিস্ফোৰণ ঘটে প্ৰায় 15 টাকৈ চিলিণ্ডাৰ ৷ লগতে জুইত জাহ যায় দুখনকৈ চাৰিচকীয়া বাহন ৷ অগ্নিকাণ্ডৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 15 খন বাহন ৷ লগতে ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটী মহানগৰীৰ উপ আৰক্ষী আয়ুক্ত সুৰজিৎ সিং পানেছৰ (Surajit Singh Panesar) ৷
বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহনীৰ দলটো (Massive fire breaks out in Guwahati) ৷ কিন্তু কিহৰ বাবে এই বিধ্বংসী জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷ ইফালে, সমগ্ৰ পৰিৱেশ তদাৰক কৰি আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছৰে কয় যে, ‘‘এতিয়ালৈকে আমি কিমান ক্ষয়ক্ষতি হৈছে সেয়া বিতংকৈ ক’ব নোৱাৰো, তদন্তৰ পাচতহে সকলোখিনি পোহৰলৈ আহিব ৷’’