গুৱাহাটী,২০ জানুৱাৰী: গুৱাহাটী মহানগৰীত চলিব ব্যাপক উচ্ছেদ অভিযান । আৰম্ভণি হিচাপে বাহিনী নদীৰ বুকুৰ আৱৰ্জনা পৰিষ্কৰণৰ বাবে নৈখনৰ পাৰৰ ৩৯টা স্থান বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ দিয়া হৈছে(Encroachments on riverbank in Guwahati) । এই নিৰ্দেশ দিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে । শুকুৰবাৰে মন্ত্রীগৰাকীয়ে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী জল ব’ৰ্ড, মিছন বানমুক্ত গুৱাহাটী, মিশ্যন অম্ৰুট আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(Minister Ashok Singhal against encroachments) ।
লগতে তেওঁলোকৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ পথ প্ৰশস্ত কৰাৰ বাবে মিছন বানমুক্ত গুৱাহাটীৰ অধীনত বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰী সিংহলে(Minister Ashok Singhal) আজি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে আৰু কাম-কাজৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ কাৰ্যকৰীভাৱে সমাধানৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে ।
উল্লেখ্য যে মিছন বানমুক্ত গুৱাহাটীৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ(Guwahati Metropolitan Development Authority), জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছে । সেই অনুসৰি নৰ্দমা পৰিষ্কৰণ, নলা নিৰ্মাণ আদি বিভিন্ন বিষয়ত জি এম ডি এক ১০ টা আৰু জলসম্পদ বিভাগৰ গুৱাহাটী মেকানিকেল ডিভিজনক ৩ টা কামৰ দায়িত্ব দিয়া হৈছে ।
আনহাতে লোক নিৰ্মাণ বিভাগৰ পূব গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলক ৪৫ টা, দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলক ৫৩ টা, পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলক ২৮ টা আৰু জালুকবাৰী তথা হাজো ক্ষেত্ৰীয় পথ সংমণ্ডলক মহানগৰীৰ ২০ টা সুকীয়া সুকীয়া স্থানৰ নৰ্দমা পৰিষ্কাৰ কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে ৷ তদুপৰি বাহিনী নদীৰ বুকুৰ আৱৰ্জনা পৰিষ্কৰণৰ স্বাৰ্থত নৈখনৰ পাৰৰ ৩৯ টা বিভিন্ন স্থান বেদখলমুক্ত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব দিয়া হৈছে ।