গুৱাহাটী,১০ ফেব্ৰুৱাৰী: ঐতিহ্যমণ্ডিত আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙৰ উন্নয়নৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ । RTI তথ্যত ফাদিল হৈছে হাবুঙৰ ব্যাপক দুৰ্নীতিৰ তথ্য । হাবুং উন্নয়নৰ নামত নিম্ন মানৰ কাম হোৱাৰ অভিযোগ স্থানীয় দুই যুৱকৰ(Press conference on corruption in Habung development) । শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত এই দুৰ্নীতি বিষয়ে ফাদিল কৰে হাবুঙৰ স্থানীয় দুই যুৱক মৃদুল ফুকন আৰু বিজয় গগৈয়ে(Massive corruption in development of Habung) ।
সংবাদ মেলত তেওঁলোকে কয় যে তেওঁলোকে কৰা RTI ৰ তথ্যত ফাদিল হৈছে হাবুঙৰ উন্নয়নৰ নামত হোৱা দুৰ্নীতিৰ তথ্য । বিগত ২০১৬-১৭ বৰ্ষৰ পৰা ২০২১- ২২ বৰ্ষলৈ হাবুঙৰ উন্নয়নৰ নামত আহিছিল প্ৰায় ৩ কোটি ৬ লাখ টকা(Habungs development budget) । প্ৰথম কিস্তিত ১ কোটি ৪৯ লাখ ২৬ হাজাৰ টকা চৰকাৰে হাবুং উন্নয়নৰ বাবে আদায় দিছিল । দ্বিতীয় কিস্তিত ১ কোটি ২০ লাখ টকা আদায় দিয়াৰ লগতে তৃতীয় কিস্তিত ৩৫ লাখ টকা আদায় দিছে আৰু বৰ্তমান ১ লাখ ৭৪ হাজাৰ টকা চৰকাৰে দিবলৈ বাকী আছে ।
কিন্তু সৰহ সংখ্যক ধন পোৱাৰ পিছতো চৰকাৰী Estimate ৰ মতে যিমান কাম হৈছে সেয়া অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰে (Allegations of poor quality work in Habung development) । হাবুঙৰ মনিকূট, নামঘৰ আৰু লোক নিৰ্মাণ বিভাগৰ পৰা হাবুঙলৈ সোমাই যোৱা প্ৰায় ২০০ মিটাৰ পথ নিৰ্মাণৰ নামতো ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে দুই যুৱকে । সন্দেহৰ আঙুলি উঠিছে ধেমাজি জিলাৰ টাই আহোম ছাত্ৰ সন্থা সংগঠনৰ সম্পাদক বাবুল বুঢ়াগোঁহাইলৈ ।