গুৱাহাটী, 18 ডিচেম্বৰঃ ৰাজ্যজুৰি অধিক তীব্ৰতৰ হৈছে সংশোধিত নাগৰিকত্ব আইন ২০১৯ বিৰোধী প্ৰতিবাদ । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত । বুধবাৰে আইনখনৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল মাৰোৱাৰী সমাজ । অসমৰ ভাষা সংস্কৃতিক আদৰি লোৱা মাৰোৱাৰী সমাজেও ক'লে এই কলা আইন প্ৰত্যাহাৰ কৰক । আছুকে ধৰি অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচীক নৈতিক সমৰ্থন আগবঢ়াই গুৱাহাটীৰ মাৰোৱাৰী সমাজে ।
গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ - গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ
বুধবাৰে গুৱাহাটীৰ ফাচীবজাৰৰ পৰা লতাশিললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মাৰোৱাৰী সমাজে । তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন 2019
![গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ মাৰোৱাৰী সমাজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5419367-432-5419367-1576701721985.jpg)
গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ
গুৱাহাটীত প্ৰতিবাদত নামিল মাৰোৱাৰী সমাজ
বুধবাৰে গুৱাহাটীৰ ফাচীবজাৰৰ পৰা লতাশিললৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মাৰোৱাৰী সমাজে । তেওঁলোকৰ হুংকাৰ কোনো কাৰণতে মানি লোৱা নহ'ব অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব পৰা এই নাগৰিকত্ব সংশোধনী আইন 2019 । চৰকাৰী পক্ষৰ দমন আৰু শোষণ নীতিৰ বিৰুদ্ধে অসমৰ ৰাইজৰ লগত একলগ হৈ যুজি যোৱাৰ সংকল্প মাৰোৱাৰী সমাজৰ।