অসম

assam

By

Published : Jun 15, 2021, 7:32 PM IST

ETV Bharat / state

শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

পানবজাৰৰ নেহৰু উদ্যানত সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস পালন কৰা হয় । অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

martyr-kushal-konwar-78th-death-day-celebrates
শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

গুৱহাটী, ১৫ জুন : মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস ৷ সমান্তৰালভাৱে গুৱাহাটীত পানবজাৰৰ নেহৰু উদ্যানত সম্পূৰ্ণ ক'ভিড প্ৰট’কল মানি পালন কৰা হয় শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস ৷ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিৱস পালন

মন্ত্ৰীগৰাকীয়ে শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি কয় যে দেশবাসীৰ অন্তৰত দেশপ্ৰেম আৰু ভাতৃত্ববোধৰ উদ্ৰেক হ'লেহে শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ সৰু বোৱাৰী যমুনা কোঁৱৰে অংশ গ্ৰহণ কৰে ।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি প্ৰশাসনৰ কেইবাজনো বিষয়া আৰু অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । উল্লেখ যে, অনুষ্ঠানত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰদান কৰা হয় ।

লগতে পঢ়ক : GMC ৰ টোঘলকী কাণ্ড: অসন্তুষ্ট মহানগৰবাসী

ABOUT THE AUTHOR

...view details