অসম

assam

ETV Bharat / state

চৰকাৰ প্ৰশাসনে পাহৰিলে নেকি গুলজাৰ হুছেইনক ! - সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক

5 বছৰ পূৰ্বে NDFB বিৰুদ্ধে হোৱা এক অভিযানত তেজপুৰৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল গুলজাৰ হুছেইন ৷ কিন্তু মৃত্যুৰ পাঁচ বছৰ পাচতো বৰ্তমান পৰ্যন্ত সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক

চৰকাৰ প্ৰশাসনক লৈ অসন্তুষ্ট শ্বহীদ পৰিয়াল

By

Published : Aug 18, 2019, 5:45 PM IST

গুৱাহাটী, 18 আগষ্টঃ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনৰ ভূমিকাক লৈ সন্তুষ্ট নহয় শ্বহীদৰ পৰিয়াল ৷ স্বাধীনতা দিৱসত আৰক্ষী তথা ৰাজ্য চৰকাৰে শ্বহীদ গুলজাৰ হুছেইনক মনত নেপেলোৱাৰ অভিযোগ পত্নী ৰোচনাৰা বেগমৰ ৷ উল্লেখ্য যে, 5 বছৰ পূৰ্বে NDFB-ৰ বিৰুদ্ধে চলোৱা এক অভিযানৰ সময়ত তেজপুৰৰ বালিপৰা অঞ্চলত শ্বহীদ হৈছিল গুলজাৰ হুছেইন ৷ কিন্তু মৃত্যুৰ পাঁচ বছৰ পাচতো বৰ্তমান পৰ্যন্ত সন্মানিত কৰা ন'হল শ্বহীদ গৰাকীক ৷ স্বাধীনতা দিৱসত আৰক্ষী বিভাগৰ বহু আৰক্ষী অধিকাৰীৰ বাদেও শ্বহীদৰ পৰিয়ালক সম্মানিত কৰা হয় যদিও শ্বহীদ গুলজাৰ হুছেইনক আৰক্ষী বিভাগ তথা ৰাজ্য চৰকাৰৰ মনত নথকাত দুখ প্ৰকাশ কৰিছে পত্নীয়ে ৷

চৰকাৰ প্ৰশাসনক লৈ অসন্তুষ্ট শ্বহীদ পৰিয়াল

ABOUT THE AUTHOR

...view details