গুৱাহাটী, 14 নৱেম্বৰ :মহানগৰীৰ বেলতলা মহাবিদ্যালয়(Beltola College)ৰ ৰেঙণি মহিলা কোষ(Rengoni Women Cell)ৰ উদ্যোগত তথা অসম টাং চু ডু সন্থাৰ সহযোগত শনিবাৰ অৰ্থাৎ 13 নৱেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে সমৰ কলা(Martial Art)ৰ বিশেষ প্ৰশিক্ষণ ।
বেলতলা মহাবিদ্যালয়ত সমৰ কলা প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ 60 গৰাকী ছাত্ৰী অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত নাৰী নিৰ্যাতন তথা যিকোনো পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি, তাৰ প্ৰশিক্ষণ প্ৰদান কৰে অভিজ্ঞ সমৰ কলা প্ৰশিক্ষকে ।
এই উপলক্ষে প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়ৰ মহিলা কোষৰ সভানেত্ৰী, সম্পাদিকা, সদস্য আৰু অসম টাং চু ডোৰ মুখ্য প্ৰশিক্ষক মাষ্টাৰ দেৱজিৎ গগৈ, মহিলা প্ৰশিক্ষক বৰ্ণালী গগৈ আৰু প্ৰশিক্ষক অনুভৱ গগৈ ।
বেলতলা মহাবিদ্যালয়ত সমৰ কলা প্ৰশিক্ষণ প্ৰশিক্ষকদ্বয় দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈয়ে সমৰ কলাৰ জৰিয়তে ছাত্ৰীসকলক কিদৰে আত্মৰক্ষাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰিব পাৰি, সেই বিষয়ে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে । আজিৰ প্ৰজন্মৰ যুৱতীসকলক আত্মৰক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত এই কাৰ্যসূচী হাতত লয় মহাবিদ্যালখনে ৷
লগতে পঢ়ক :অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ