গুৱাহাটী, ২৩ জানুৱাৰী :প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল ৷ প্ৰেমৰ চলনাৰে এজন যুৱকৰ সৈতে পলাই গ’ল ৩ বছৰীয়া সন্তানৰ মাতৃ ৷ কিন্তু প্ৰেমিকৰ লগত পলাই যোৱাৰ পাছতহে ওলাল প্ৰেমিকৰ আচল পৰিচয় ৷ এতিয়া নিৰুপায় অচিনাকী যুৱকৰ সৈতে প্ৰেমত পৰা মহিলাগৰাকী ৷ এই ঘটনা গুৱাহাটীৰ ৷
বিৱৰণি অনুসৰি, বিগত ১৬ জানুৱাৰীত বিয়লি ভাগত মহানগৰীৰ ছয় মাইলৰ সাই বাবা মন্দিৰৰ কাষৰ পৰা নিৰুদ্দেশ হৈছিল ৩ বছৰীয়া এটি সন্তানৰ মাতৃ এই মহিলাগৰাকী (Woman missing from Satgoan) । বহু সময় বিচৰাৰ অন্ততো মহিলাগৰাকীৰ কোনো শুং-সূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে ৷
মহিলাগৰাকীৰ কোনো শুংসূত্ৰ বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে ১৭ জানুৱাৰীত সাতগাঁও আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । কিন্তু এই এজাহাৰ দাখিল কৰাৰ পাচতো বিগত ৬ দিনে আৰক্ষীয়ে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ ফলত চিন্তিত হৈ পৰিছিল পৰিয়ালটো (Satgoan missing Woman case)৷
কিন্তু হঠাৎ ২৩ জানুৱাৰী, দেওবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ মাকলৈ নতুন দিল্লীৰ পৰা মহিলাগৰাকীয়ে ফোন কৰে ৷ ফোনত মহিলাগৰাকীয়ে দিল্লীত এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ থকা বুলি ব্যক্ত কৰে । লগতে মহিলাগৰাকীয়ে কিদৰে তেওঁ দেহ ব্যৱসায় চক্ৰৰ কৱলত পৰিব লগা হ’ল সেই কথাও অৱগত কৰে ।