গুৱাহাটী, ১৯ এপ্ৰিল :অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত মুছলিম মৌলবাদী জেহাদী সংগঠনৰ তৎপৰতা (Jihadi group's activity in Assam) আজি আৰু নতুন কথা হৈ থকা নাই যদিও শেহতীয়াকৈ মৌলবাদীৰ সমান্তৰালকৈ মাওবাদী বিদ্ৰোহী সংগঠনৰ বৰ্ধিত কাৰ্যকলাপে ভয়ংকৰ পৰিস্থিতিৰ উমান দিছে । ৰাজ্য চৰকাৰকো এই কথাই সচকিত কৰি তুলিছে ।
উল্লেখ্য যে, শেহতীয়াকৈ বঙাইগাঁও জিলাত সাংগঠনিক কাম-কাজ সম্প্ৰসাৰণ কৰাৰ বাবে দীৰ্ঘদিন ধৰি বাহৰ পাতি থকা তিনিজন জেহাদীক বঙাইগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা আৰু যোৱা কেইদিন চলা জেৰাত বহু কথাই পোহৰলৈ আহিছে । ইতিমধ্যে, বাংলাদেশত নিষিদ্ধ ঘোষিত 'আনছাৰুল্লাহ বাংলা টীম' নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ এই তিনি জন সদস্য ক্ৰমে আব্দুল কাছেম, হামিদ আলী আৰু ইমৰাণ হুছেইন ।
যোৱা ডিচেম্বৰ আৰু জানুৱাৰী মাহত বঙাইগাঁৱৰ যোগীঘোপা, অভয়াপুৰী, কাবাইটাৰী আদি ঠাইত সাংগঠনিক কামকাজ কৰাৰ পিছত ত্ৰিপুৰালৈ উভটি গৈছিল এই তিনি জেহাদী । কালি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সাংবাদিকক জনোৱা মতে আনছাৰুল্লাহ বাংলা টীম বাংলাদেশত নিষিদ্ধ হোৱাৰ পাছত 'আনছাৰুল্লাহ ইণ্ডিয়া' নামে সংগঠন আৰম্ভ কৰি ভাৰতত এই জেহাদী সকলে কাম-কাজ আগবঢ়াই আনিছিল ।
এই আনছাৰুল্লাহ ইণ্ডিয়াৰ কাম-কাজ পৰিচালিত হয় মধ্য প্ৰদেশৰ ভূপালৰ পৰা । অসম আৰক্ষীৰ দল এটা ইতিমধ্যে ভূপাললৈ ৰাওনা হৈছে অসমত কাম কৰা জেহাদী সংগঠনৰ সদস্য বিচাৰি। উল্লেখ্য যে, এই মুছলমান মৌলবাদী জেহাদী সংগঠনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে 'অল কায়েদা ইন ইণ্ডিয়ান চাৱ কন্টিনেন্ট' (Al Qaeda in Indian Sub continent) নামৰ অল কায়েদাৰ ভাৰতীয় শাখাটোৰ লগত।
ইপিনে, মাওবাদী সংগঠন চি পি আই (মাওবাদী)ৰ এটা শক্তিশালী গোটে অসমৰ পাঁচখন জিলাত বিশেষভাৱে সাংগঠনিক কামকাজ চলাই আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা NIA । শেহতীয়াকৈ চলিত মাহৰ প্ৰথম সপ্তাহত এন আই এৰ দল এটাই অসমৰ ১৭ ঠাইত অভিযান চলাই কাছাৰ জিলাৰ পৰা অৰুণ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা নামৰ জ্যেষ্ঠ মাওবাদী নেতা এজনক গ্ৰেপ্তাৰ কৰে ।