অসম

assam

ETV Bharat / state

ৰাজ্যত প্রাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ খালী হৈ আছে হাজাৰ হাজাৰ পদ - পদ পূৰণৰ বাবে বিজ্ঞাপন

ৰাজ্যৰ শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ । ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত অধ্যাপকৰ ৩১৯ টা পদ আৰু কর্মচাৰীৰ ৯৭৭ টা পদ খালী হৈ আছে । ৰাজ্যৰ কলেজসমূহত ৯৩৫ টা অধ্যাপক পদ, ২৩ টা গ্ৰন্থাগাৰিক আৰু ৯৫৬ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে । প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ২৪৪২ টা বিষয় শিক্ষকৰ পদ, ৬৯১৮ টা সহকাৰী শিক্ষকৰ, ১১৫৬ টা কনিষ্ঠ সহায়ক আৰু ২৮০৬ টা চতুর্থবৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ থকাৰ বিপৰীতে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ২৭৫৮টা আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৭২৪২ টা শিক্ষকৰ পদ খালী হৈ আছে (Vacancy in Assam education department)।

Education Department of Assam
প্রাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ খালী হৈ আছে হাজাৰ হাজাৰ পদ

By

Published : May 4, 2022, 10:06 PM IST

গুৱাহাটী, ৪ মে': বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি নিযুক্তি দিবলগীয়া এক লাখ চাকৰিৰ ক্ষেত্ৰত শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে । শিক্ষা বিভাগত কিমান নিযুক্তি দিয়া হ'ব তাৰো কথা সদৰি কৰা হৈছে । কিন্তু এতিয়ালৈকে সকলো ঘোষণাৰ মাজতে আছে । নিযুক্তি প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই । লক্ষণীয় বিষয় যে, বৰ্তমান সময়ত শিক্ষাগুৰুৰ অভাৱ ঘটিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত (Vacancy in Assam education department)।

বৰ্তমান সময়ত অসমত প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে । ৰাজ্য চৰকাৰখনে উক্ত পদসমূহ পূৰণ কৰা হ'ব বুলি দীর্ঘদিনৰে পৰাই প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈকে উক্ত পদসমূহ পূৰণ কৰা নাই । ইফালে অৱসৰ লোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে প্ৰতি মাহেই খালী হোৱা শিক্ষকৰ পদো বৃদ্ধি পাবলৈ ধৰিছে । খোদ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত খালী হৈ থকা অধ্যাপকৰ পদৰ সংখ্যা হৈছে ৩১৯ টা আৰু খালী হৈ থকা কর্মচাৰীৰ পদৰ সংখ্যা হৈছে ৯৭৭টা (Post vacancy in universities of Assam)।

আনহাতে, ৰাজ্যৰ কলেজসমূহত ৯৩৫ টা অধ্যাপক পদ, ২৩ টা গ্ৰন্থাগাৰিক আৰু ৯৫৬ টা কৰ্মচাৰীৰ পদ খালী হৈ আছে । সেইদৰে কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহতো ৭৩০ টা শিক্ষকৰ পদ, ৫৪৮ টা তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ আৰু ৩৯০ টা চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে ।

একেদৰে প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত ২৪৪২ টা বিষয় শিক্ষকৰ পদ, ৬৯১৮ টা সহকাৰী শিক্ষকৰ, ১১৫৬ টা কনিষ্ঠ সহায়ক আৰু ২৮০৬ টা চতুর্থবৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ থকাৰ বিপৰীতে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ২৭৫৮ টা আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৭২৪২ টা শিক্ষকৰ পদ খালী হৈ আছে ।

শেহতীয়াকৈ চৰকাৰে ইয়াৰে কিছুসংখ্যক পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও উক্ত পদসমূহ কেতিয়ালৈ পূৰণ হ'ব তাৰ কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই (Advertisement of Assam education department) । ইফালে বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সৰ্বাধিক অধ্যাপক পদ খালী হৈ আছে কটন বিশ্ববিদ্যালয়ত । কটনত মুঠ ১৪০ টা অধ্যাপক পদ খালী হৈ আছে । অৱশ্যে বিশ্ববিদ্যালয়খনত কৰ্মচাৰীৰ মাত্ৰ ৩ টা পদহে খালী হৈ আছে । একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ২৬ টা অধ্যাপক পদ আৰু সৰ্বাধিক ৭৫৬ টা কৰ্মচাৰীৰ পদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপকৰ ২৯ টা আৰু কৰ্মচাৰীৰ ১৫২ টা পদ খালি হৈ আছে ৷

একেদৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপকৰ ২২ টা আৰু কৰ্মচাৰীৰ ৪ টা, কুমাৰ ভাস্কৰ বার্মা সংস্কৃত বিশ্ববিদ্যালয়ত ১৭ টা অধ্যাপকৰ আৰু এটা কৰ্মচাৰীৰ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত ২ টা অধ্যাপকৰ আৰু ৬ টা কৰ্মচাৰীৰ, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত ২৫ টা কৰ্মচাৰীৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ত ১১ টা অধ্যাপকৰ, মাধৱদেৱ বিশ্ববিদ্যালয়ত ৪৫ টা অধ্যাপকৰ আৰু ১৮ টা কৰ্মচাৰীৰ আৰু মাজুলী বিশ্ববিদ্যালয়ত ১২ টা অধ্যাপকৰ আৰু ৪টা কৰ্মচাৰীৰ পদ খালী হৈ আছে ।

ইফালে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে বিবেচিত অসম ইঞ্জিনিয়াৰিং কলেজত ৪৩ টা অধ্যাপকৰ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজত ৫০ টা অধ্যাপকৰ, যোৰহাট ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন'লজিত ২৯ টা অধ্যাপকৰ পদ খালী হৈ আছে । সেইদৰে গুৱাহাটীস্থিত অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত ২২ টা অধ্যাপক পদ খালী হৈ আছে । মন কৰিবলগীয়া কথা যে যোৰহাটত থকা মহিলা বিশ্ববিদ্যালয়খনত মুঠ ১৫ টা বিভাগ আছে । কিন্তু আশ্চর্যজনকভাৱে এতিয়ালৈকে বিশ্ববিদ্যালয়খনত কোনো স্থায়ী শিক্ষকৰ পদ সৃষ্টি কৰা হোৱা নাই ।

দীর্ঘদিন ধৰি বিশ্ববিদ্যালয়খনৰ ১৫ টা বিভাগ অস্থায়ী শিক্ষকৰ দ্বাৰাই চলি আছে । বিশ্ববিদ্যালয় অনুদান আয়োগৰ(University Grants Commission) নিয়ম অনুসৰি বিশ্ববিদ্যালয়ৰ একোটা বিভাগত এটা অধ্যাপক, দুটা সহযোগী অধ্যাপক আৰু চাৰিগৰাকী সহকাৰী অধ্যাপকৰ পদ থাকিব লাগে । ইফালে কলেজসমূহত খালী হৈ থকা অধ্যাপকৰ পদসমূহ পূৰণ কৰাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্যৰ সৰহসংখ্যক কলেজে বিজ্ঞাপন প্ৰকাশ কৰিও আজিলৈকে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নাই ।

অৱশ্যে কিছুসংখ্যক কলেজে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছে যদিও এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা নাই । ইফালে নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ বাবেও আৰু বেছিদিন নাই । এনে পৰিস্থিতিত ৰাজ্য চৰকাৰখনে যদি শিক্ষানুষ্ঠানসমূহত খালী হৈ থকা শিক্ষকৰ হাজাৰ হাজাৰ পদ পূৰণৰ ব্যৱস্থা নকৰে তেনেহলে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত ইয়াৰ প্ৰভাৱ পৰিব । ৰাজ্য চৰকাৰে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাত বিশেষ গুৰুত্ব দিছে যদিও আন্তঃগাঁঠনিৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:সাময়িকভাৱে স্থগিত হ’ল যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

ABOUT THE AUTHOR

...view details