গুৱাহাটী, ১১ ডিচেম্বৰ :লোকসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলত আৰম্ভ হৈছে কুচকাৱাজ । কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে সোমবাৰৰ পৰা ৰাজীৱ ভৱনত ভিৰ আৰম্ভ কৰিছে । সোমবাৰে কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দহগৰাকী প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ।
এইসকলৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিৰ বাবে দীপ বায়ন, ৰাতুল কলিতা, অৰুণ তিৱাৰীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ৷ ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মীৰা বৰঠাকুৰ আৰু ৰমেন বৰঠাকুৰ, মঙলদৈৰ বাবে ৰমেন বৰঠাকুৰ, মাধৱ ৰাজবংশী, যোৰহাটৰ বাবে বনশ্ৰী গগৈয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰিছে ।
উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰ-পত্ৰ দাখিলৰ মাচুল এক লাখ টকা নিৰ্ধাৰণ কৰি দিয়া হৈছে । বিগত লোকসভা নিৰ্বাচনত এই মাচুল আছিল পঞ্চাশ হাজাৰ টকা । ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে । ইয়াৰ বাবে প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি অহা ১১ ডিচেম্বৰৰ পৰা ৰাজীৱ ভৱনত জমা দিয়াৰ দিন ধাৰ্য কৰা হৈছে ।
আনকি প্ৰ-পত্ৰৰ লগতে টিকট প্ৰত্যাশীয়ে এক লাখ টকাৰ এখন ডিমাণ্ড ড্রাফট জমা দিব লাগিব । কংগ্ৰেছ দলে জাৰি কৰা জাননীখনত এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে এই ১৪ টা সমষ্টি লোকসভা সমষ্টিৰ ভিতৰত কোনো সমষ্টিত দলে প্ৰার্থী নিদিবও পাৰে । মিত্ৰদলৰ বাবে এৰি দিয়া হ’ব এনে সমষ্টি । এনে সমষ্টিৰ দলীয় টিকট বিচাৰি আবেদন কৰা প্ৰাৰ্থীয়ে আবেদন মাচুল এক লাখ টকা ওভতাই পাব ।