গুৱাহাটী,20মে': ৰাজ্যজুৰি এতিয়া দিহিং পাটকাই বৰ্ষাৰণ্য ৰক্ষাৰ স্বাৰ্থত গঢ়ি উঠিছে তীব্ৰ প্ৰতিবাদ ৷ "আমাজন অফ্ ইষ্ট" খ্যাত দিহিং পাটকাইৰ বুকুত চৰকাৰে দিয়া কয়লা খননৰ অনুমতি বাতিল কৰিবৰ বাবে একেমুখে দাবী জনাইছে ৰাজ্যৰ দল-সংগঠনৰ লগতে ছাত্ৰ সমাজে ৷ দিহিং পাটকাইৰ ৰক্ষাৰ বাবে আগবাঢ়ি আহিল এগৰাকী কণমানি ৷ এখন ছবি অংকন কৰি চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰে সুহান মালিক নামৰ কণমানি গৰাকীয়ে ৷
ইপিনে, দিহিং পাটকাই বৰ্ষাৰণ্যৰ চেলেকি অংশত মুক্ত কয়লা খননৰ বাবে চৰকাৰে দিয়া অনুমতিৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। চৰকাৰৰ এনে সিদ্ধান্তক একেমুখে ধিক্কাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে৷ ইপিনে দিহিং পাটকাই বৰ্ষাৰণ্যক অসমৰ স্বাভিমান আখ্যা দি ছাত্ৰ সমাজ, প্ৰকৃতিপ্ৰেমীয়ে নেতৃত্ব দিয়া দিহিং পাটকাই বৰ্ষাৰণ্য ৰক্ষাৰ আন্দোলনৰ মাজত নেচাৰ্চ বেকনৰ সদস্য সৌম্যদ্বীপ দত্তই বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক বিদ্যুৎ শইকীয়াই।