গুৱাহাটী, ২১ জুন : অচিৰেই ৰাজ্যৰ বহু মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিহীন৷ দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত তোলপাৰ লাগিছে ৷ বিশেষকৈ ৰাজ্যখনৰ ৰাজনীতিকসকলৰ মাজত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৷
কোনোবা ৰাজনীতিক যদি উৎসাহী হৈ পৰিছে তেন্তে আন কোনোবাজনৰ ৰাজনৈতিকৰ কেৰিয়াৰলৈকে ভাবুকি আহি পৰিছে ৷ খচৰাত সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণৰ লগে লগে হাহাকাৰ লাগিছে একাংশ নেতা-মন্ত্ৰী আৰু বিধায়কৰ ৷ খচৰা মতেই সমষ্টিৰ সীমা চূড়ান্ত হ’লে একাংশ নেতা-বিধায়ক আৰু মন্ত্ৰীয়ে চিৰদিনৰ বাবে নিজৰ সমষ্টি হেৰুৱাব ৷ বিচাৰিব লাগিব নতুন ৰাজনৈতিক ঠিকনা ৷ নামিছে ৰাজনৈতিক সংকট ৷
এই তালিকাত শাসকীয় বিজেপিৰ কিছু বিধায়ক-মন্ত্ৰীৰ লগতে আছে বিৰোধীৰো বিধায়ক ৷ মঙলবাৰে প্ৰকাশিত খচৰাত বহু কেইগৰাকী বিধায়ক আৰু মন্ত্ৰীৰ সমষ্টি নোহোৱা হৈছে৷ খচৰাত বহু সমষ্টি সংৰক্ষিত কৰা হৈছে৷ লগতে বহু সমষ্টি একেবাৰে বিলুপ্তি ঘটাই ২২ টা নতুন সমষ্টি সৃষ্টি কৰা হৈছে ৷
শাসকীয় বিজেপিৰ কোনে হেৰুৱাব বিধানসভা সমষ্টি ?
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ দাস, পৰিমল শুক্লবৈদ্যৰ পৰা বিধায়িকা সুমন হৰিপ্ৰিয়ালৈ ভালেকেইজন মন্ত্ৰী-বিধায়কৰ ৰাজনৈতিক ভৱিষ্যতলৈ আহিব প্ৰত্যাহ্বান৷ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক বনমন্ত্ৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈয়ো আহিব প্ৰত্যাহ্বান ৷ খচৰা অনুসৰি ধৰ্মপুৰ সমষ্টি নোহোৱা হৈ পৰিব ৷ ধৰ্মপুৰৰ এটা অংশ সংযোজিত হ’ব নতুন টিহু সমষ্টিত, আন এটা অংশ সংযোজিত হ’ব বৰক্ষেত্ৰী সমষ্টিত৷ মন্ত্ৰী পাটোৱাৰীয়ে সন্ধান কৰিব লাগিব এটা নতুন সমষ্টিৰ ৷
আনহাতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যও হ’ব সমষ্টিবিহীন৷ বৰাকৰ ধলাই বিধানসভা সমষ্টিৰ কেইবাৰৰো বিধায়ক পৰিমল শুক্লবৈদ্য ৷ কৰ্তন কৰা হ’ব ধলাই সমষ্টি৷ অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আছিল এই ধলাই সমষ্টি ৷ বিলুপ্ত কৰা হৈছে মন্ত্ৰী ৰণজিৎ দাসে বৰ্তমান প্ৰতিনিধিত্ব কৰা পাটাছাৰকুচি আৰু পূৰ্বে প্ৰতিনিধিত্ব কৰা সমষ্টি সৰভোগ ৷
আনহাতে বিজেপিৰেই বিধায়িকা সুমন হৰিপ্ৰিয়াৰ হাজো সমষ্টিটো অনুসূচীত লোকৰ বাবে সংৰক্ষিত কৰা হৈছে খচৰাত ৷ অন্ধাৰাচ্ছন্ন হৈ পৰিব সুমন হৰিপ্ৰিয়াৰ ৰাজনৈতিক কেৰিয়াৰ ৷ ইফালে শাসকীয় বিজেপি চৰকাৰৰ অংশীদাৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ চপাগুৰি সমষ্টিটোও কৰ্তন কৰা হৈছে ৷ বিজেপিৰ মিত্ৰ দল অগপৰ দখলত থকা শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটোও নোহোৱা হ’ব প্ৰস্তাৱিত খচৰা মতে ৷