অসম

assam

ETV Bharat / state

Joining Programme of BJP: মৰিয়নী পৌৰসভাৰ অধ্যক্ষ উপাধ্যক্ষসহ কেইবাজনো সদস্যৰ বিজেপিত যোগদান

মৰিয়নী পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষসহ সদস্য সকলৰ বিজেপিত যোগদান ৷ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:32 PM IST

Mariani Municipal Board Members Join BJP
ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী

মৰিয়নি পৌৰসভাৰ সদস্য সকলৰ বিজেপিত যোগদান

গুৱাহাটী, 3 নৱেম্বৰ : বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই যোগদান অনুষ্ঠানত মৰিয়নী পৌৰসভাৰ অধ্যক্ষ বিশ্বপ্ৰভা শইকীয়া, উপাধ্যক্ষ প্ৰদীপ দাসসহ সদস্যসকল, অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ সভাপতি তথা শ্ৰমিক নেতা বিলাতী তাঁতী, সাধাৰণ সম্পাদক নীলেশ গৌড়ৰ লগতে কেইবাজনো সমাজ সেৱকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নবাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কয় যে বিজেপিয়ে সমাজলৈ উন্নয়ন আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিছে ৷ সেয়েহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি জনসাধাৰণে আকুণ্ঠ সমৰ্থন আগবঢ়াইছে ৷ আজিৰ এই যোগদান কাৰ্যসূচীয়ে অনাগত দিনত চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত ধনাত্মক প্ৰভাৱ পেলাব বুলি ভৱেশ কলিতাই লগতে বক্তব্য প্ৰদান কৰে ৷

আজিৰ যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক তথা সাংসদ পল্লব লোচন দাস, ৰাজ্যিক উপ সভাপতি তথা সাংসদ তপন গগৈ, মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

উল্লেখ্য যে, নিৰ্দলীয় প্ৰাৰ্থীৰে গঠিত হোৱা অসমৰ একমাত্ৰ পৌৰসভা মৰিয়নী পৌৰসভাৰ সদস্য সকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি কেইবাদিনো ধৰি চৰ্চা চলি আছিল ৷ 2021 ত অনুষ্ঠিত হোৱাৰ পৌৰসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতাৰে মৰিয়নি পৌৰসভাখন নিৰ্দলয়ী প্ৰাৰ্থীৰে গঠিত হৈছিল ৷ 10 টা ৱাৰ্ডৰ 7 টা ৱাৰ্ডতে বিজয়ী হৈছিল নিৰ্দলীয় প্ৰাৰ্থী ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নী সমষ্টিত থকা জনপ্ৰিয়তা তথা শক্তিশালী স্থিতিক প্ৰত্যাহ্বান জনাই নগৰবাসী ৰাইজে কংগ্ৰেছ আৰু বিজেপিক অগ্ৰাহ্য কৰি নিদৰ্লীয় প্ৰাৰ্থীৰ সপক্ষে জনাদেশ দিছিল ৷ ফলত তীব্ৰ চাপত থাকিব লগীয়া হৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷

লগতে পঢ়ক:AJP Executive in Guwahati: লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ উদ্দেশ্যে অজাপৰ কাৰ্যনিৰ্বাহক সভা

ABOUT THE AUTHOR

...view details