অসম

assam

ETV Bharat / state

BJP joining program: চাহ জনগোষ্ঠীয় একাংশ নেতা বিজেপিলৈ; ৰাও গজেন্দ্ৰ সিঙৰো ঘৰ ৱাপচী - লোকসভা নিৰ্বাচন

গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ৷ চাহ জনগোষ্ঠীয় একাংশ সংগঠনৰ নেতাৰ লগতে বহু সংখ্যক লোকৰ গেৰুৱা দলত যোগদান ৷ দললৈ উভতিল নাওবৈচাৰ ৰাও গজেন্দ্ৰ সিঙো ৷

BJP joining program news
BJP joining program

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:43 PM IST

গুৱাহাটী ৫ অক্টোবৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহত যোগদান পৰ্ব বৃদ্ধি পাইছে । বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত প্ৰায় শতাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান কৰাৰ লগতে 'ঘৰ ৱাপচী’ হয় । বিজেপিৰ তৰফৰ কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টি নীতি-আদৰ্শৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈয়েই যোগদান কৰাৰ লগতে ঘৰৰ মানুহ ঘৰলৈ উভতি অহা বুলি উল্লেখ কৰিছে লোকসকলে ৷

বৃহস্পতিবাৰে বিজেপিত যোগদান কৰা সকলৰ ভিতৰত সৰহ সংখ্যকে চাহ জনগোষ্ঠীয় বিভিন্ন পৰ্যায়ৰ লোক । চাহ জনগোষ্ঠীৰ ৰাইজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থতে এই সকল লোকে বিজেপিত যোগদান কৰা বুলি মত ব্যক্ত কৰে ৷ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা টী ব’র্ড অৱ ইণ্ডিয়াৰ সদস্য নবীন চন্দ্ৰ কেওট, অসম চাহ মজদুৰ সংঘ, ডিব্ৰুগড় জিলাৰ সভাপতি ভালো ধানোৱাৰ, উপ সভাপতি পুতুল গোসাইট, বিশাল তাঁতী, লখিমপুৰ জিলাৰ আটছাৰ সাংগঠনিক সম্পাদক বীৰেন্দ্ৰ সিঙৰ লগতে কংগ্ৰেছ দলৰ কেইবাজনো সক্ৰিয় কর্মীয়ে বিজেপিত অনুষ্ঠানিকভাবে যোগদান কৰে ।

অনুষ্ঠানত বিজেপিৰ পুৰণি কৰ্মী নাওবৈচাৰ ৰাও গজেন্দ্ৰ সিঙেও পুনৰবাৰ দলত যোগদান কৰে ৷ বিজেপিৰ পৰা নাওবৈচা সমষ্টিত কেইবাবাৰো নিৰ্বাচন খেলা ৰাও গজেন্দ্ৰই 2021ত প্ৰাৰ্থিত্ব নাপাই বিজেপি ত্যাগ কৰিছিল ৷ অৱশেষত প্ৰায় আঢ়ৈ বছৰৰ পিছত পুনৰ তেওঁ ঘূৰি আহিল বিজেপিলৈ ৷

লগতে পঢ়ক:MP upcoming election : মধ্যপ্ৰদেশত ৰাজহুৱা সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ, ইডিৰ অভিযানক লৈ বিজেপিক সমালোচনা

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা যোগদান কার্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাচা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাংসদ তথা সাধাৰণ সম্পাদক পল্লব লোচন দাস, অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিমল বৰা, বিধায়ক ৰূপেশ গোৱালাৰ লগতে দলীয় কার্যকর্তাসকল উপস্থিত আছিল ।

অনুষ্ঠানৰ আৰম্ভণিতে নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কামাখ্যা প্ৰসাদ তাচাই কয়, ‘‘ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত দেশত অভূতপূৰ্ব উন্নয়ন হৈছে । দেশৰ জনসাধাৰণে এই উন্নয়ন প্ৰত্যক্ষ কৰিছে আৰু সেয়ে ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰে আদৰি লৈছে ।’’

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয় যে চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকী হৈছে । ঘৰে ঘৰে শৌচাগাৰ নির্মাণ হৈছে । হিতাধিকাৰীয়ে বেংক একাউন্টত পোনপটীয়াকৈ বিভিন্ন সাহায্যৰ ধন লাভ কৰিছে । ঘৰে ঘৰে ৰন্ধন গেছ যোগান আৰু বিশুদ্ধ খোৱাপানী সংযোগ হৈছে । চাহ শ্ৰমিক ৰাইজে পকীঘৰ লাভ কৰিছে । প্ৰত্যেকঘৰ চাহ শ্ৰমিকে ৰেচন কার্ড লাভ কৰিছে । আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত পাঁচ লাখ টকাৰ চিকিৎসাৰ বাবে সহায়ৰ নিশ্চিতি লাভ কৰিছে ।

লগতে পঢ়ক:Sharad Pawar Slams BJP : বিজেপিৰ প্ৰতীক পদুমৰ পৰা ৱাছিং মেচিনলৈ সলনি কৰা উচিত: শাৰদ পাৱাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ সমাধান কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ভৱেশ কলিতাই লগতে কয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পোৱাৰ লগতে শিক্ষার্থীসকলৰ বাবে মেডিকেল, ইঞ্জিনিয়াৰিঙত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।

ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছক ভ্ৰষ্টাচাৰী দল বুলি কটাক্ষ কৰি কয় যে কংগ্ৰেছে দীর্ঘদিন ধৰি চাহ জনগোষ্ঠীৰ ৰাইজক শোষণ চলাই আছিল । কংগ্ৰেছৰ শোষণকাৰী চৰিত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু জনগোষ্ঠীটোৰ উন্নয়ণৰ স্বাৰ্থত চাহ জনগোষ্ঠীয় এলেকাৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে বুলি ভৱেশ কলিতাই কয় ।

ABOUT THE AUTHOR

...view details