গুৱাহাটী,১৭ ফেব্ৰুৱাৰী :মুখ্যমন্ত্ৰীৰ আসনত বহাৰ দিনৰে পৰা আজি পৰ্যন্ত ড৹ হিমন্তবিশ্ব শৰ্মাই বিভিন্ন সভাই সমিতিয়ে কৰি অহা আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তব্যটোৱেই হ'ল-তেওঁৰ চৰকাৰখনে এইটো বছৰৰ ভিতৰতে "গণি গণি" এক লাখ নতুন নিযুক্তি দিব । এয়া এইখন চৰকাৰৰ সংকল্প । মুখ্যমন্ত্ৰীৰ এনে ঘোষণা ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে হৈ পৰিছে মৰুভূমিত মৰুদ্যান স্বৰূপ । সকলোৱে আশাৰে বাট চাইছে - কেতিয়া হ'ব এই এক লাখ নতুন নিযুক্তি !
কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যি সময়ত চৰকাৰখনে বা মুখ্যমন্ত্ৰীয়ে এক লাখ নতুন নিযুক্তিৰ কথা কৈ আহিছে, সেই সময়তে কিন্তু বিগত সুদীৰ্ঘকাল জুৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সেৱা আগবঢ়াই অহা প্ৰায় অৰ্ধ লক্ষাধিক অস্থায়ী, ঠিকাভিত্তিক কৰ্মচাৰীয়ে (Contractual employees in Assam) নিজৰ চাকৰিটো স্থায়ী বা নিয়মীয়া কৰিবলৈ চৰকাৰৰ ঘৰত বিৰামহীনভাৱে আবেদন নিবেদন কৰিও আজিকোপতি কোনো সুফল পোৱা নাই । প্ৰাপ্ত তথ্য অনুসৰি আজিৰ তাৰিখতো সৰ্বাধিক ঠিকাভিত্তিক বা অস্থায়ী কৰ্মচাৰী নিযুক্ত হৈ আছে ৰাজ্যৰ শিক্ষা বিভাগত ।
এক অনিশ্চিত ভৱিষ্যৎ লৈ আজিও প্ৰাথমিক শিক্ষা বিভাগত প্ৰায় ৪০ হাজাৰ, ষ্টেট পুলত ১০ হাজাৰ আৰু হাইস্কুলত প্ৰায় ৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকে কাম কৰি আছে । অৰ্থাৎ কেৱল শিক্ষা বিভাগতে আছে প্ৰায় ৫৫ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী (Education department has about 55000 contractual employees)। কেৱল এইটো বিভাগেই নহয়, বাকী বহুকেইটা চৰকাৰী বিভাগতো একেই অৱস্থা ।