অসম

assam

ETV Bharat / state

TMC in Assam : অসমত তৃণমূলৰ তৎপৰতাই খহাব নেকি কংগ্ৰেছৰ অৱশিষ্ট অংশ

যিকোনো মূহুৰ্ততে খহি পৰিব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ অৱশিষ্ট ৰাজনৈতিক ভেটি(Remaining political base of Assam Pradesh Congress) । বংগৰ ৰাজনীতিত বিজেপিক ধৰাশায়ী কৰি ৰাষ্ট্ৰীয় ৰাজনীতিলৈ বাট ল’ব বিচৰা মমতা বেনাৰ্জী(West Bengal CM Mamata Banerjee)য়ে অসমৰ ৰাজনীতিত আৰম্ভ কৰিছে নতুন অভিযান ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

many-congress-leaders-from-assam-ready-to-join-trinamool-congress
অসমত তৎপৰ মমতাৰ তৃণমূল

By

Published : Nov 28, 2021, 6:19 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : পশ্চিমবংগৰ ৰাজনীতিত বিজেপিক ধৰাশায়ী কৰা মমতা বন্দোপাধ্যায়(West Bengal CM Mamata Banerjee) নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাৰ পাচত ৰাজনীতিৰ জাল পেলাইছে অসমতো(Trinamool Congress targeting Assam)। বিজেপিৰ ব্যাপক আগ্ৰাসনৰ পাচতো বংগৰ ৰাজনীতিত চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হোৱা মমতাৰ তৃণমূল কংগ্ৰেছ দলৰ ক্ষীপ্ৰ সম্প্ৰসাৰণে এতিয়া গ্ৰাস কৰিবলৈ ওলাইছে অসম প্ৰদেশ কংগ্ৰেছ(Assam Pradesh Congress news) ৷

দলৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিভিন্ন দায়িত্বত থকা কেইবাগৰাকীও নেতাই ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ সৈতে কথা পাতিছে আৰু তৃণমূলৰ অসম ৰাজ্যিক সমিতিত যোগ দিয়াৰ বাবে প্ৰস্তুত হৈছে (Assam Congress leader talk to TMC) । মন কৰিবলগীয়া যে, এই পৰিস্থিতিৰ কথা অনুমান কৰিব পাৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা(Assam Pradesh Congress President Bhupen Kumar Borah)ই দলৰ ৰাজ্যিক সমিতিখন গঠন কৰিব পৰা নাই ।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰদেশ কেইখনত আৰম্ভ কৰা ৰাজনৈতিক অভিযানৰ দ্বাৰা ইতিমধ্যে ত্ৰিপুৰা আৰু মেঘালয়ক বিশেষভাৱে সামৰি লৈছে তৃণমূল কংগ্ৰেছে । এনে প্ৰক্ৰিয়াৰ অংশ হিচাপে 23 নৱেম্বৰত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই 11 গৰাকী বিধায়কক লৈ তৃণমূল কংগ্ৰেছত যোগ(Former Meghalaya CM Mukul Sangma joined Trinamool Congress) দিয়াৰ পাচত পৰিস্থিতি অধিক স্পষ্ট হৈ পৰিছে ।

যোগদান কৰাৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূলৰ প্ৰতিনিধি প্ৰশান্ত কিশোৰৰ সৈতে আলোচনাত বহিছিল (Mukul Changa met Prashant Kishore)। তাৰ পাচত 11 গৰাকী বিধায়কসহ তেওঁ কংগ্ৰেছত মোক্ষম আঘাত হানি তৃণমূলত যোগ দিয়ে । আনহাতে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিশ্ৰুতিৰ আধাৰতে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে(Sushmita Dev joined TMC) ইতিমধ্যে ত্ৰিপুৰাত তৃণমূলক বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰূপে গঢ়ি তুলিছে ৷

ত্ৰিপুৰা আৰু মেঘালয়ত বহু পৰিমাণে সফল হোৱাৰ পাচত ৰাজনৈতিক প্ৰলোচক প্ৰশান্ত কিশোৰে এইবাৰ লক্ষ্য হিচাপে লৈছে অসমক । বিগত 19 নৱেম্বৰৰ দিনা প্ৰশান্ত কিশোৰ আৰু যোগেন্দ্ৰ যাদৱ গুৱাহাটীত উপস্থিত হৈ অসম নাগৰিক সমাজৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকৰ বিষয় আছিল অসমত বিকল্প ৰাজনৈতিক মঞ্চ ।

জানিব পৰা মতে, সিদিনাই প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই সাক্ষাৎ কৰে প্ৰশান্ত কিশোৰক । কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, অসমত তৃণমূলৰ ভিত্তি শক্তিশালী কৰাৰ বাবে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী অধ্যুষিত অঞ্চলসমূহক লক্ষ্য হিচাপে লোৱা হৈছে ।

এই অভিযানত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ উপৰিও অসম জাতীয় পৰিষদ(AJP) আৰু বাঁওপন্থী দল-সংগঠনৰ লগত জড়িত ভালেসংখ্যক নেতাই । আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰতে এই কাম সম্পন্ন হ’ব বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে ।

লগতে পঢ়ক :AGP Central Executive Meeting : মিত্ৰজোটত থাকিয়ে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত

ABOUT THE AUTHOR

...view details