গুৱাহাটী, 21 ফেব্ৰুৱাৰী:নতুন মুখে বিজেপিৰ বহুকেইজন বৰ্তমানৰ বিধায়কৰ অংকত আউল লগাইছে ৷ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই এই অংক যেন অধিক জটিল হৈ পৰিছে । কিয়নো বহুকেইজন বৰ্তমানৰ বিধায়কে সমষ্টিত জনপ্ৰিয়তা হেৰুওৱাৰ বাবে পুনৰ প্ৰাৰ্থিত্ব লাভ নকৰাটো প্ৰায় নিশ্চিত ৷ এই সমষ্টি সমূহত এতিয়া নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশী টিকট লাভৰ বাবে উঠিপৰি লাগি পৰিছে ৷ ফলত প্ৰাৰ্থিত্ব হেৰুওৱাৰ শংকাত ভুগিছে বৰ্তমানৰ বহুকেইগৰাকী বিধায়ক ৷ বৰ্তমানৰ সকলো বিধায়কে যে পুনৰ টিকট নাপাব তাৰো ইংগিত দিছে অসমৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দলে নিযুক্তি দিয়া কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ।
বিশেষকৈ মাৰ্ঘেৰিটা, ডিগবৈ, হোজাই, ডিব্ৰুগড়, থাওৰা, মৰাণ, বৰছলা, বিশ্বনাথ চাৰিআলি, বিহপুৰীয়া আদি সমষ্টিত বৰ্তমানৰ বিধায়ক সকলৰ অৱস্থা একপ্ৰকাৰ বিপদজনক হৈ পৰাত টিকটৰ দাবীত বহু নতুন মুখ নামি পৰিছে ৷ পুলক গোহাঁই, হেমন্ত নেওগ, ময়ুৰ বৰগোহাঁই, সুভাষ দত্ত, উজ্জ্বল ফুকন, লক্ষ্য কোঁৱৰ, ৰামকৃষ্ণ ঘোষ, অৰুণজ্যোতি মৰাণ, ইন্দ্ৰ গগৈ, ৰঞ্জিৎ বৰুৱাকে ধৰি ভালে সংখ্যক নতুন মুখ এতিয়া এই সমষ্টি সমূহত টিকটৰ দাবীত নামি পৰিছে ৷