গুৱাহাটী, ৩ মে': অসমৰ বাবে চিন্তনীয় বিষয় যে, অসম বুৰঞ্জীৰ লগত কোনো সম্পৰ্ক নথকা বদৰুদ্দিন আজমলৰ দৰে এজন ব্যক্তি অসমৰ নেতাৰ আসনত অধিষ্ঠিত হৈছে । এই মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora slams AIUDF) । বুধবাৰে সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে শেহতীয়াকৈ কংগ্ৰেছক লৈ কৰা তীৰ্যক মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC president bhupen bora reaction)।
বৰাই লগতে কয় যে, আজমলৰ দৰে ব্যক্তি নেতা হ'লে অশালীন তথা শিষ্টাচাৰহীন শব্দবিলাক শুনাটো অস্বাভাৱিক নহয় । আজমলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ মূলতে হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উদগনি (Badaruddin Ajmal cmment against oppositins)। আজমলে অসমৰ সমগ্ৰ নাৰীসত্বাটোক অপমান কৰাৰ উপৰি মুখ্যমন্ত্রীকলৈয়ো কৰা অতি নিন্দনীয় মন্তব্যৰ পাচত শতাধিক গোচৰ ৰুজু হোৱাৰ পাচতো মুখ্যমন্ত্রীগৰাকী নীৰৱ হৈ থাকিল । যাৰ বাবে আজমলে ধৰি ল'লে যে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ধ্বংস কৰাৰ বাবে চৰকাৰে তেওঁক অনুমতি দিছে । মুখ্যমন্ত্রীৰ এনে উদঙনিৰ বাবেই আজমলে বিৰোধী ৰাজনৈতিক সত্বাটোক হিজৰা বুলি ক'বলৈ সাহস পাইছে ।
আজমলে অসমৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে নাজানে বাবেই এই শব্দটো ব্যৱহাৰ কৰিছে বুলি তেওঁ কয় । বিৰোধী ৰাজনৈতিক সত্বাটোক এনেদৰে কোৱাৰ দুঃসাহস কৰাটো সাধাৰণ কথা নহয় । ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলি তেওঁ সকিয়াই দিয়ে । এইক্ষেত্রত তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে দাবী জনায় সভাপতি বৰাই । আজমলৰ মন্তব্যৰ ক্ষেত্রত চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ দাবী জনায় (Bhupen Bora slams bjp)।