গুৱাহাটী, ১০ জুন :খোদ আৰক্ষী শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হোৱাৰ পিচত অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ বদলি ঘটাবলৈ বাধ্য হৈছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ (Reshuffle In Assam Police) ৷ শনিবাৰে অসম আৰক্ষীত আৰক্ষী অধীক্ষক পৰ্যায়ত কেইটামান গুৰুত্বপূৰ্ণ বদলি ঘোষণা কৰা হয় ৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ জাননী অনুসৰি ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক (SP Arpana Natrajan) বদলি কৰা হৈছে ৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক পদৰ পৰা নটৰাজনক দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ ৰূপে বদলি কৰা হৈছে (Dhubri SP transferred) ৷
আনহাতে বদলি কৰি হৈছে বিশ্বনাথৰ আৰক্ষী অধীক্ষকগৰাকীক (SP Navin Singh) ৷ অপৰ্ণা নটৰাজনৰ ঠাইত ধুবুৰীৰ আৰক্ষী অধীক্ষকৰূপে দায়িত্ব গ্ৰহণ কৰিব বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে (Biswanath SP transferred) ৷ খালী হ’বলগীয়া বিশ্বনাথত আৰক্ষী অধীক্ষক হিচাবে দায়িত্ব গ্ৰহণ কৰিব শুভাশিষ বৰুৱাই ৷ শুভাশিষ বৰুৱাই গুৱাহাটীৰ উলুবাৰীৰ মুখ্য কাৰ্যালয়ত সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসনীয়) ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছিল (Asst IGP Subhasish Baruah) ।
মন কৰিবলগীয়া যে অসম আৰক্ষীৰ এই বদলি বিশেষ গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে ৷ কিয়নো ধুবুৰীৰ আৰক্ষী অধীক্ষক তথা ২০১৪ বৰ্ষৰ আইপিএছ অপৰ্ণা নটৰাজন শেহতীয়াভাৱে এক বিতৰ্কত সোমাই পৰিছিল ৷ আনকি উচ্চ ন্যায়ালয়েও নটৰাজনক ভৰ্ৎসনা কৰিব লগা হৈছে ৷ ধুবুৰীৰ বিলাসীপাৰাত হোৱা এটা হত্যাকাণ্ডৰ ঘটনাত কোনো গোচৰ অবিহনেই দুগ্ধপুষ্য শিশুকে ধৰি দুটি সন্তানসহ ৰাকিয়া খাতুন নামৰ এগৰাকী মাতৃক কেইবাদিনো ধৰি লকআপত ৰাখিছিল ধুবুৰী আৰক্ষীয়ে (Dhuri child harassing case) ৷