অসম

assam

ETV Bharat / state

ড৹ মনমোহন সিঙে আৰু ভোট নিদিয়ে দিছপুৰত - ভি ভি আই পি ভোটকেন্দ্ৰ

ভি ভি আই পি ভোটকেন্দ্ৰৰ মৰ্যদা হেৰুৱালে দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ বিগত বিশ বছৰ জুৰি এই ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰুচৰণ কৌৰে আৰু ভোট নিদিয়ে এই কেন্দ্ৰত ৷ সম্প্ৰতি দিল্লীৰ ভোটদাতা ড৹ সিং আৰু তেওঁৰ পত্নীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনত শেষবাৰৰ বাবে ভোটদান কৰিছিল এই কেন্দ্ৰত ৷

manmohan singh will not cast his vote at dispur anymore
ভি ভি আই পি ভোটকেন্দ্ৰৰ মৰ্যদা হেৰাল দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

By

Published : Apr 6, 2021, 11:33 AM IST

Updated : Apr 6, 2021, 4:29 PM IST

গুৱাহাটী, 6 এপ্ৰিল :বিগত দুটা দশকৰো অধিককাল দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দিছপুৰ বিধানসভা সমষ্টিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভোটকেন্দ্ৰ হিছাপে চিহ্নিত হৈ আহিছে ৷ কিয়নো এই ভোটকেন্দ্ৰটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰুচৰণ কৌৰে বিগত প্ৰায় বিশ বছৰ ধৰি ভোটদান সাব্যস্ত কৰি আহিছিল ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিছপুৰ সৰুমটৰীয়াৰ ঘৰৰ ভাৰাতীয়া হিচাপে থকা ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নীৰ নাম দিছপুৰ সমষ্টিৰ ভোটাৰ তালিকাত আছিল । সেই সূত্ৰে দুয়ো এই কেন্দ্ৰটোতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিছিল

ড৹ মনমোহন সিঙে আৰু ভোট নিদিয়ে দিছপুৰত

কিন্তু 2020 চনত ড৹ সিং আৰু তেওঁৰ পত্নীৰ নাম দিছপুৰৰ পৰা দিল্লীলৈ সলনি কৰি নিয়া হয় । ফলত তেওঁলোক দুয়ো সম্প্ৰতি দিল্লীৰ ভোটদাতা । 2019 চনৰ লোকসভা নিৰ্বাচনত সপত্নীক ডঃ সিঙে এই কেন্দ্ৰটোত শেষবাৰৰ বাবে ভোটদান কৰিছিল ।

পূৰ্বৰ প্ৰতিটো নিৰ্বাচনতে কটকটীয়া নিৰাপত্তাৰ মাজত থকা এই ভি ভি আই পি ভোটকেন্দ্ৰটোৰ এতিয়া আৰু সেই বিশেষত্ব নাই । কিয়নো ইয়ালৈ আৰু কেতিয়াও ভোট দিবলৈ নাহে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং ।

লগতে পঢ়ক :তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Last Updated : Apr 6, 2021, 4:29 PM IST

ABOUT THE AUTHOR

...view details