গুৱাহাটী, 17 ডিচেম্বৰ : “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি লৈ অসমত প্ৰৱেশ কৰিছো ৷ অসমত বসবাস কৰা মণিপুৰী সকলৰ সুযোগ-সুবিধাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি পদক্ষেপ ল’ম ৷ মণিপুৰৰ বিষয়ে হস্তক্ষেপ কৰিব লগা হ’লে মোৰ অনুমতি ল’ব লাগিব ৷ এইদৰেই বুজাবুজিৰে চলি যাব লাগিব আমি ৷” অসমৰ ভূমিত থিয় হৈ দেওবাৰে এই ইংগিতপূৰ্ণ মন্তব্য মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৷
দেওবাৰে শিলচৰত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং উপস্থিত হয় ৷ অল অসম মণিপুৰী য়ুথ এছ’ছিয়েচনৰ উদ্যোগত অনুষ্ঠিত Manipuri Unity Convention ত অংশ ল’বলৈ শিলচৰত উপস্থিত হয় মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকী ৷ আজি দুপৰীয়া শিলচৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে সভাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷
মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ম্যানমাৰৰ গৃহযুদ্ধৰ বাবে মণিপুৰত কালিৰ তাৰিখলৈকে প্ৰায় 6 হাজাৰ লোকে শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ সৈতে আলোচনা কৰি মানৱতাৰ খাতিৰত এই সকলৰ দায়িত্ব লৈ মণিপুৰ চৰকাৰে খাদ্যৰ লগতে থকাৰ ব্যৱস্থা কৰা বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে মণিপুৰলৈ ম্যানমাৰৰ পৰা অধিক লোক অহাৰ সম্ভাৱনা আছে বুলিও কয় বীৰেন সিঙে ৷ লগতে এই লোক সকলৰ বায়’মেট্ৰিক লোৱাৰ ব্যৱস্থাও কৰা হৈছে বুলি জনায় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷