গুৱাহাটী, 16 ফেব্ৰুৱাৰীঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসমবাসীৰ মনত বিৰাজমান হৈ থকা অসন্তষ্টিৰ বাবেইফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ ভিন্ন স্থিতি প্ৰকাশ কৰিলে অসমৰ কেইবাগৰাকীও শিল্পীয়ে ৷ যোৱানিশা ফিল্মফেয়াৰ এৱাৰ্ডত অংশ লৈ গুৱাহাটীৰ পৰা উভতিছিল, অক্ষয় কুমাৰ, মাধুৰী দিক্ষিতকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ৷ তেনে সময়তে কন্ঠশিল্পী মানস ৰবীনসহ এটি দলে, বৰঝাৰ বিমানবন্দৰত বলিউডৰ শিল্পীকেইগৰাকীৰ আগত সাব্যস্ত কৰিবলৈ যায় প্ৰতিবাদ ৷ Akshay Kumar we love you so much, Madhuri Dixit we love you so much বুলি লিখাৰ লগতে, অসমক নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰক্ষা কৰাত সহায় কৰক বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰিছিল দলটোৱে ৷ যাৰ বাবে আজাৰা আৰক্ষীয়ে নিশাই মানস ৰবীনসহ দলটোক আটক কৰি আজাৰা আৰক্ষী থানালৈ লৈ যায় যদিও অৱশেষত মোকলাই দিয়ে ৷
আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বলিষ্ঠ আৰু শক্তিশালীভাৱে প্ৰতিবাদ অব্যাহত ৰখা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গএ অংশগ্ৰহণ কৰিলে ফ্লিম ফেয়াৰৰ অনুষ্ঠানত ৷ এয়াকে লৈ একাংশ লোকে চ'ছিয়েল মিডিয়াত ব্যাপক নেতিবাচক সমালোচনাৰ কৰিলে জুবিন গাৰ্গক ৷
অৱশ্য অনুষ্ঠানলৈ যোৱাৰ পূৰ্বেই জুবিন গাৰ্গে কেৱল ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিছিল নিজৰ স্থিতি ৷ ফ্লিমফেয়াৰৰ অনুষ্ঠানত উপস্থিত থকা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কি কৈছিল শুনক জুবিন গাৰ্গে..