গুৱাহাটী,17আগষ্টঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰয়োজন যথেষ্ট ধনৰ ৷ যাৰ বাবে সংবাদমেলযোগে সহায় বিচাৰিছিল সংগঠনটোৱে ৷ তেনে সময়তে সংগঠনটোৰ আহ্বানৰ প্ৰতি সহাৰি জনায় আগবাঢ়ি আহিল জনপ্ৰিয় শিল্পী মানস ৰবীন ৷ বিগত 7 মাহে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ সংগঠনটোক 2 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় শিল্পীগৰাকীয়ে ৷
আজি এক ফেচবুক প'ষ্টযোগে শিল্পী মানস ৰবীনে মন্তব্য কৰে যে, "ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল'ব লাগিব । অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক ।"