গুৱাহাটী,30 জানুৱাৰীঃমাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 24 জানুৱাৰীত আটক কৰা হৈছিল ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰক ৷ তাৰ পিছতে পুনৰ NIA জিম্মাত বিচাৰি আদালতত হাজিৰ কৰিছিল মানস কোঁৱৰক । উল্লেখযোগ্য যে, 'কা' বিৰোধী আন্দোলনত নেতৃত্ব বহন কৰি আহিছিল ছাত্ৰ নেতা মানস কোঁৱৰে ।
বৃহস্পতিবাৰে NIA ৰ আদালতত হাজিৰ ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ - ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ
মাওবাদীৰে সৈতে সম্পৰ্ক থকাৰ অভিযোগত 7 দিনৰ বাবে NIAৰ জিম্মাত ৰখা হৈছিল ছাত্ৰ নেতাজনক ৷ NIAৰ আদালতে 10 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ছাত্ৰ নেতা জনক ৷

NIA ৰ আদালতত হাজিৰ ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ
NIA ৰ আদালতত হাজিৰ ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ
বৃহস্পতিবাৰে NIA ৰ আদালতত হাজিৰ কৰোৱা হয় ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰক ৷ আদালতৰ চৌহদৰ পৰা সংবাদমাধ্যমৰ আগত "জয় আই অসম " ধ্বনি দিয়ে মানস কোঁৱৰে । লগতে অধিবক্তাই জানিবলৈ দিয়া অনুসৰি NIA আদালতে অখিল গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ এক প্ৰমানিক পৰীক্ষাৰ বাবে আবেদন বিচাৰিছে ৷ অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল, কৃষক মুক্তিৰ এই আটাইকেইজন কাৰাৰুদ্ধ নেতা সহিতে মানস কোঁৱৰক পুনৰ 10 ফেব্ৰুৱাৰীত হাজিৰ কৰোৱা হ'ব NIA আদালতত ৷