গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী :অপৰাধ আৰু অপৰাধীৰ প্ৰাণকেন্দ্ৰ যেন হৈ পৰিছে এতিয়া গুৱাহাটী মহানগৰী ৷ মহানগৰীত বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা ৷ এইবাৰ পুনৰ আন এক হত্যাকাণ্ডই জোঁকাৰি গৈছে আভিজাত্যৰ স্বৰূপ গুৱাহাটীক ৷
বুধবাৰে দিন দুপৰতে সাতগাঁও আমবাৰীৰ ৰাজপথতে অভিযুক্ত হাবিবুৰ ৰহমানে (৩৫) দাৰে ঘপিয়াই হত্যা কৰে এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানক (Satgoan murder case) ৷ মৃত লোকজনৰ নাম ৰৌছান আলী (৬০) ৷ জানিব পৰা মতে, মৃত ৰৌছান আলীৰ ঘৰ আমবাৰী সুন্দৰপুৰত ৷
ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে আটক কৰিছে হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত হাবিবুৰ ৰহমানক (Man murdered in broad daylight at Satgaon, Accused held) ৷ অভিযুক্ত হাবিবুৰ ৰহমানে পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । ইফালে আৰক্ষীয়েও এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত হাবিবুৰ ৰহমানৰ মতে, তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল অৱসৰ প্ৰাপ্ত সেনা জোৱানজনে । আনকি মৃত ৰৌচন আলিয়ে হাবিবুৰ ৰহমানৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে তিনিদিন ধৰি তেওঁৰ ঘৰত আবদ্ধ কৰি ৰাখিছিল । ইয়াক লৈ দুইজনৰ মাজত কাজিয়াৰ সূত্ৰপাতো হৈছিল ।