অসম

assam

ETV Bharat / state

বিদায়ী বছৰটোত হাতী-মানুহৰ সংঘাত

খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি চাহ বাগিচাৰ ভিতৰত, কেতিয়াবা ৰাজপথত, কেতিয়াবা মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, কেতিয়াবা আকৌ খেতিপথাৰ তহিলং কৰি বিনষ্ট কৰিছে কৃষকৰ ফচল ৷ 2019 বৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰে হাতী মানুহৰ সংঘাতে ৷ এটা কথা অনস্বীকাৰ্য, যে হাতী মানুহৰ এই সংঘাতত কেৱল মানুহেই প্ৰাণ হেৰুৱা নাই, মৃত্যু হয় বন্যহস্তীৰো ৷

MAN ELEPHANT CONFLICT
হাতী-মানুহৰ সংঘাত

By

Published : Dec 31, 2019, 6:58 PM IST

গুৱাহাটী,31 ডিচেম্বৰঃবিদায়ী বছৰটোত সংঘটিত হোৱা কিছুমান ঘটনাই জোকাৰি গৈছে ৰাজ্যবাসীক ৷ 2019 বৰ্ষত আন আন সমস্যাৰ সমান্তৰালভাৱে ৰাজ্যত ব্যাপক ৰূপত সাঁচ বহুৱাই থৈ যোৱা আন এক সমস্য হ'ল হাতী মানুহৰ সংঘাত ৷ পূৰ্বৰ তুলনাত বিদায়ী বছৰটোত বৃদ্ধি পালে হস্তী মানৱৰ সংঘাত ৷ আমি যদি উভতি চাও তেনেহ'লে দেখা পাম যে, ২০১৯ বৰ্ষত ৰাজ্যত ২১৬ টাকৈ হস্তী মানৱৰ সংঘাত সংঘটিত হয় আৰু এই হাতী-মানুহৰ সংঘাতত ৮৭ গৰাকীকৈ লোকৰ মৃত্যু হয় ৷

2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত
খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে কেতিয়াবা যদি চাহ বাগিচাৰ ভিতৰত, কেতিয়াবা ৰাজপথত, কেতিয়াবা মানুহৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে, কেতিয়াবা আকৌ খেতিপথাৰ তহিলং কৰি বিনষ্ট কৰিছে কৃষকৰ ফচল ৷ 2019 বৰ্ষত গুৰুতৰ ৰূপ ধাৰণ কৰে হাতী মানুহৰ সংঘাতে ৷ এটা কথা অনস্বীকাৰ্য,যে হাতী মানুহৰ এই সংঘাতত কেৱল মানুহেই প্ৰাণ হেৰুৱা নাই, মৃত্যু হয় বন্যহস্তীৰো ৷
2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

পৰিসংখ্যা অনুসৰি
২০১৬ চনত বন্যহস্তীৰ আক্ৰমণত ৯১ গৰাকী লোকৰ মৃত্যু হৈছে
২০১৭ চনত ৮৩ গৰাকী লোকৰ মৃত্যু হৈছে
২০১৮ চনত ৯৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত

2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

জনসংখ্যা বৃদ্ধি,অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্য হস্তীৰ জাক নামি আহে সমতল ভূমিলৈ ৷ বনাঞ্চলৰ ভূমি সংকোচনৰ ফলত খাদ্য সংকটত পৰা বন্যহস্তীৰ জনাঞ্চললৈ প্ৰব্ৰজনে সৃষ্টি কৰি আহিছে সংঘাতৰ ৷ কিন্তু ইয়াৰ বাবে দায়ী কোন ? যোৱাটো বৰ্ষত ওদালগুৰি,গোলাঘাট,নগাঁও,বাক্সা,কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতৰ ঘটনা অন্যান্য জিলা সমূহৰ তুলনাত সৰ্বাধিক হোৱা দেখা যায় ৷

2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

অৱশ্যে এই কেইখন জিলাৰ বাদে আন জিলাসমূহতো কম বেছি পৰিমাণে দেখা গ'ল বন্যহস্তীৰ ত্ৰাস ৷ ক্ৰমান্বয়ে বৃদ্ধই পাই আহিছে বন্যহস্তীৰ সংঘাত ৷ কাজিৰঙাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা ৰোধ কৰিবলৈ চৰকাৰে কাজিৰঙাৰ মাজেৰে উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

2019 বৰ্ষৰ হস্তী মানৱৰ সংঘাত

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানৱৰ সংঘাতত কেৱল মানুহৰেই যে প্ৰাণহানি হৈছে তেনে নহয়, সংঘাত বা আন আন কাৰণত খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো প্ৰাণ গৈছে ৷ যাৰ ফলত হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ৷ 2019 বৰ্ষত ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰা বহু ঘটনাৰ ভিতৰত হস্তী মানৱৰ সংঘাতে অন্যতন স্থান দখল কৰে ৷

ABOUT THE AUTHOR

...view details